সমগ্ৰ বিশ্বই মাতৃ দিৱস উদযাপন কৰাৰ দিনা কৰীণা কাপুৰ খানে তেওঁৰ দুই পুত্ৰ টাইমুৰ আলী খান আৰু জাহাংগীৰ আলী খানৰ সৈতে এই বিশেষ দিনটো উদযাপন কৰাৰ সুযোগটো কেনেকৈ এৰি দিব পাৰে! ছইফ আলী খান আৰু কৰীণা কাপুৰে টাইমুৰ আৰু জেহৰ সৈতে এটা সুখী পৰিয়ালৰ মাজত দিন পাৰ কৰিছে। সময় পালেই সন্তানৰ সৈতে উমলি-জামলি আনন্দ কৰে কৰীণা কাপুৰ খানে। জন্মৰ পৰাই, টাইমুৰ আৰু জেহক পিতৃ-মাতৃৰ সৈতে পাপাৰাজীয়ে কেমেৰাত বন্দী কৰি আহিছে। মালদ্বীপ ভ্ৰমণৰ সময়ত দুয়োটা শিশু তেওঁলোকৰ পিতৃ-মাতৃৰ সৈতে অতি সুখী মেজাজত আছিল। দেওবাৰে, কৰীণা কাপুৰ খানে তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত তেওঁৰ দুই পুত্ৰৰ সৈতে এখন ফটো পোষ্ট কৰিছিল আৰু লিখিছিল, "মোৰ জীৱনৰ দৈৰ্ঘ্য আৰু প্ৰস্থ। মাতৃ দিৱসৰ শুভেচ্ছা"।