কংগনা ৰানাৱটৰ আগন্তুক ছবি 'ইমাৰজেন্সী'ৰ বাবে কিছুদিনৰ পৰা অসমৰ বিভিন্ন স্থানত চলি আছে চিত্ৰগ্ৰহণ। বোকাখাটৰ নিকৰি আৰু আমটেঙাত কিছুদিন চলিছিল ছবি 'ইমাৰজেন্সী'ৰ চিত্ৰগ্ৰহণ। ১৯৭৭ চনৰ বাংলাদেশৰ ছেট নিৰ্মাণ কৰা হৈছিল আমটেঙাত। এইবাৰ অভিনেত্ৰী কংগনা ৰানাৱট চিত্ৰগ্ৰহণৰ বাবে উপস্থিত হৈছে চন্দ্ৰপুৰত। বলিউডৰ বিশাল টীম ইউনিটেৰে ভৰিল চন্দ্ৰপুৰ। স্থানীয় লোকে ক'লে, "এনে দৃশ্য আগতে কেতিয়াও দেখা নাছিলো।" চিত্ৰগ্ৰহণ উপভোগ কৰিবলৈ অহা সাধাৰণ মানুহেও পালে অভিনয়ৰ সুযোগ। এক সূত্ৰৰ পৰা জানিব পৰা অনুসৰি অসমৰ প্ৰায় ৩০০ লোক জড়িত হৈ আছে ছবি খনৰ সৈতে । আজি ছবিখনত অভিনয়ৰ বাবে দৰঙৰ পৰা আহিছে প্ৰায় ১৫০ ৰো অধিক লোক। চন্দ্ৰপুৰৰ স্থানীয় লোককো দিয়া হৈছে অভিনয়ৰ সুযোগ । কিমানদিনলৈ চন্দ্ৰপুৰত শ্বুটিং চলিব এইমুহূৰ্তলৈ নিশ্চিত হোৱা নাই