আকৌ ভাৰতীয় ক্ৰিকেট দল (Indian Cricket Team)ত বিবাহ! বিবাহ পাশত আবদ্ধ হ'ল বেগী বলাৰ জচপ্ৰীত বুমৰাহ (Jasprit Bumrah)। দীৰ্ঘ দিনীয়া প্ৰেয়সী সঞ্জনা গণেশমৰসৈতে জীৱনৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰিলে বুমৰাহে। নিজৰ বিয়াৰ সন্দৰ্ভত শেষ মুহূৰ্তলৈকে কোনো ধৰণৰ মন্তব্য দিয়া নাছিল সঞ্জনা আৰু বুমৰাহে। গতিকে মিডিয়াও সম্পূৰ্ণ ৰূপে এই খবৰৰ পৰা আঁতৰি আছিল। কিন্তু দুয়ো ছচিয়েল মিডিয়া(Social Media)ত বিবাহৰ ফটো শ্বেয়াৰ কৰাৰ লগে লগে ভাইৰেল হৈ পৰে এই খবৰ। পেছাত স্পৰ্চৰ এংকৰ সঞ্জনা আৰু জচপ্ৰীতৰ বিয়া সম্পূৰ্ণ পাঞ্জাৱী নীতি-নিয়মৰ মাজেৰে সম্পন্ন হয়। সঞ্জনাৰ পূৰ্বে অভিনেত্ৰী অনুপমাৰ সৈতে বুমৰাহৰ আছিল প্ৰেমৰ সম্পৰ্ক। বুমৰাহ আৰু সঞ্জনাৰ বিয়া এতিয়া ছচিয়েল মিডিয়া অত্যন্ত চৰ্চিত বিষয় হৈ পৰিছে।