ৰাজকুমাৰ ৰাও (Rajkummar Rao) আৰু পত্ৰলেখা (Patralekha), বিকি কৌশল (Vicky Kaushal) আৰু কেটৰিনা কাইফৰ (Katrina Kaif) পিছত এইবাৰ বলীউদত বিয়াৰ খবৰ ওলাইছে আৰু এগৰাকী তাৰকাৰ। (ফটো : ইনষ্টাগ্ৰাম) সুশান্ত সিং ৰাজপুতৰ প্ৰাক্তন প্ৰেমিকা, পবিত্ৰ ৰিস্তাৰ অংকিতা লোখাণ্ডে আৰু বিকি জৈনৰ বিয়াও হ’ব ইয়াৰ মাজতে। ইয়াৰ মাজতে এইবাৰ বিয়াৰ খবৰ পোহৰলৈ আহিছে মৌনি ৰয়ৰ। (ফটো : ইনষ্টাগ্ৰাম) হয়, এইবাৰ মৌনি ৰয়ৰ বিয়া। বহু পুৰুষৰ হৃদয় ভাঙি মৌনি ৰয় এইবাৰ বিয়াত বহিবলৈ ওলাইছে। (ফটো : ইনষ্টাগ্ৰাম) টিভিৰ পৰা বলীউদত এন্ট্ৰি মাৰিছিল একতা কাপুৰৰ নাগিন মৌনি ৰয়ে। প্ৰেমিক সুৰজ নাম্বিয়াৰৰ সৈতে বিয়াত বহিব মৌনি। (ফটো : ইনষ্টাগ্ৰাম) এই বিষয়ে মৌনি ৰয়ৰ ভগ্নীয়ে সম্প্ৰতি মুখ খুলিছে। মৌনি ৰয়ৰ ভগ্নীয়ে তেওঁলোকৰ পৰিকল্পনা ফাদিল কৰিছে। ২৫, ২৬ জানুৱাৰীত বিয়াৰ সমস্ত ৰীতি–নীতি অনুষ্ঠিত হ’ব। (ফটো : ইনষ্টাগ্ৰাম) নিজৰ ব্যক্তিগত জীৱনক লৈ সদায় নীৰৱ মৌনি ৰয়। এতিয়াও বিয়াক লৈ এটা শব্দও প্ৰকাশ কৰা নাই অভিনেত্ৰীগৰাকীয়ে। (ফটো : ইনষ্টাগ্ৰাম) সূত্ৰ অনুসৰি, এই বছৰতে মৌনি ৰয়ৰ মাতৃয়ে সুৰজ নাম্বিয়াৰৰ সৈতে দেখা কৰে। এয়াও জানিব পৰা গৈছে যে এই সাক্ষাতত মন্দিৰা বেদীৰ ঘৰতে হৈছিল। তাত উপস্থিত আছিল মৌনি ৰয়ৰ ভাতৃও। (ফটো : ইনষ্টাগ্ৰাম) মৌনি ৰয় আৰু মন্দিৰা বেদী অত্যন্ত ভাল বন্ধু। দুয়োকে মাজে সময়ে একেলগে দেখা যায়। (ফটো : ইনষ্টাগ্ৰাম) মৌনি ৰয়ে অভিনয় জগতত খোজ ৰাখিছিল জনপ্ৰিয় ধাৰাবাহিক কিউ কি ছাছ ভী কভী বহু থীৰ জৰিয়তে। তাৰ পিছত দেব কা দেৱ মহাদেৱ, নাগিনত অভিনয় কৰি সকলোৰে মাজত জনপ্ৰিয় হৈ পৰিছিল। (ফটো : ইনষ্টাগ্ৰাম) বলীউদত অক্ষয় কুমাৰ অভিনীত ছবি গ’ল্ডত অভিনয়ৰ জৰিয়তে। (ফটো : ইনষ্টাগ্ৰাম) ইয়াৰ পিছত মেড ইন চাইনা, ব্ৰহ্মাস্ত্ৰতো দেখা পোৱা যাব বংগ সুন্দৰীক। য’ত অভিনয় কৰিছে ৰণবীৰ কাপুৰ, আলিয়া ভাট, অমিতাভ বচ্চনৰ সৈতে। (ফটো : ইনষ্টাগ্ৰাম)