গায়ক কেকেৰ জন্ম ১৯৬৮ চনৰ ২৩ আগষ্টত হৈছিল। তেওঁ এটা মালায়ালী পৰিয়ালত কুনাথ কনকাৱল্লী আৰু চি এছ মেননৰ ঘৰত জন্মগ্ৰহণ কৰিছিল। কিন্তু তেওঁ নতুন দিল্লীত ডাঙৰ–দীঘল হৈছিল। কে কে হিন্দী চলচ্চিত্ৰ উদ্যোগৰ এজন বিখ্যাত নেটবেক গায়ক আছিল। তেওঁ ১৯৯১ চনত বিবাহপাশত আৱদ্ধ হৈছিল আৰু তেওঁৰ পত্নী আৰু দুই সন্তানক এৰি গৈছে। তেওঁলোকৰ পুত্ৰ নকুল কৃষ্ণ কুন্নাথ আৰু কন্যা তামাৰা। (ভাইৰেল ভায়ানিৰ দ্বাৰা তোলা ফটো)