বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী ইলিয়ানা ডিক্ৰুজ ছচিয়েল মিডিয়াত অত্যন্ত সক্ৰীয়।সকলো সময়তে অভিনেত্ৰীগৰাকীয়ে নিজৰ অনুৰাগীৰ সৈতে ভাবৰো আদান প্ৰদান কৰে। প্ৰায়ে অভিনেত্ৰীগৰাকীয়ে আপলোড কৰে নিজৰ আকৰ্ষণীয় ফটো বা ভিডিঅ। ইলিয়ানাৰ এখন ফটো এতিয়া দুৰ্দান্ত গতিত ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। আবেদনময়ী অভিনেত্ৰীগৰাকীৰ এটা ভিডিঅ ছচিয়েল মিডিয়াত আপলোড হোৱাৰ পিছতে সৰ্বত্ৰ চৰ্চা লাভ কৰিছে। নিজৰ ফিটনেচকলৈ সকলো সময়তে সচেতন অভিনেত্ৰীগৰাকী। এইবাৰ অভিনেত্ৰীগৰাকীয়ে ফটোত দুৰ্দান্ত কেপশ্যন লিখিছে। অভিনেত্ৰীগৰাকীয়ে লিখিছে যে, মা, চোৱা তোমাৰ বাবে মই কি ৰান্ধিছো। এই ফটোত অনুৰাগীয়ে কৰিছে আকৰ্ষণীয় কমেণ্ট। নিজৰ অভিনয় আৰু আকৰ্ষণীয় সৌন্দৰ্যৰ বাবে চৰ্চাত থাকে অভিনেত্ৰীগৰাকী।