আয়েশা ওমৰে ছচিয়েল মিডিয়াত কি ফটো দিলে, লগে লগে ছানীয়া মিৰ্জা আৰু ছোৱেইব মালিকাৰ সংসাৰকলৈ বহুতে কৰিছে প্ৰশ্ন। এইবাৰ টি২০ বিশ্বকাপত জ্বিলিকিছে ছোৱেইব মালিক। খেলপথাৰৰ দৰ্শকৰ শাৰীত প্ৰতিখন খেলতে দেখা গৈছে ছানীয়া মিৰ্জাকো। ফটোত ছোৱেইবৰ সৈতে আয়েশাৰ অতি ৰোমাঞ্চকৰ অৱস্থাত দেখা গৈছে। ছুইমিং পুলত একেলগে দেখা গৈছে ছোৱেইব আৰু আয়েশাক। দুয়োৰে এনে ফটোৱে মুগ্ধ কৰিছে নেটিজেনক। এইফালে ছোৱেইবৰ এনে ফটো দেখি অনুৰাগীয়ে প্ৰশ্ন কৰিছে যে, ছানীয়াৰ সৈতে সম্পৰ্ক বিচ্ছেদ হ'ল নেকি পাকিস্তানী ক্ৰিকেটাৰজনৰ। পিছে ছোৱেইব আৰু আয়েশাই কিয় এনেদৰে কৰিলে ফটোশ্বুট? আচলতে এখন মেগাজিনৰ বাবে ফটোশ্বুট কৰিছিল ছোৱেইব আৰু আয়েশাই। কিন্তু এই গচিপৰ কাৰণেই দুই তাৰকাৰ কেমেষ্ট্ৰীকলৈ একেবাৰে উত্তাল হৈ পৰিছিল ছচিয়েল মিডিয়া।