সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী হিনা খান। অভিনেত্ৰীগৰাকী ছচিয়েল মিডিয়াত অত্যন্ত সক্ৰিয়। প্ৰতিদিনেই নতুন নতুন এক্টিভিটিৰ বাবে সংবাদ শিৰোনাম দখল কৰে অভিনেত্ৰীগৰাকীয়ে। হিনা খানে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে নিজৰ নতুন ফটো। ফটো কেইখন এতিয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। পিছে হালধীয়া পোছাক পৰিধান কৰা হিনাই কৰা বিশেষ কামে চৰ্চা লাভ কৰিছে। হিনা খানৰ এই ফটো দেখি এজন অনুৰাগীয়ে কমেণ্ট দিয়ে। কিন্তু অনুৰাগীৰ তেনেধৰণৰ কমেণ্ট সহ্য নহ'ল অভিনেত্ৰীগৰাকীৰ। আৰু ৰাজহুৱাকৈয়ে ককৰ্থনা কৰে যুৱকজনক। কিন্তু তাৰ পৰিৱৰ্তে হিনা খানৰ নতুন ৰূপক প্ৰশংসাও কৰিছে বহুজনে। ইয়াৰ পূৰ্বেও হিনা খানে দখল কৰিছিল সংবাদ শিৰোনাম। ছচিয়েল মিডিয়াত আকৰ্ষণীয় ফটো শ্বেয়াৰ কৰি বিভিন্ন সময়ত দৃষ্টি আকৰ্ষণ কৰি আহিছে অভিনেত্ৰীগৰাকীয়ে।