এইবাৰ ৰাসত দৈৱকীৰ চৰিত্ৰত অভিনয় কৰিলে জনপ্ৰিয় অভিনেত্ৰী দ্বীপলিনা ডেকাই। মাজুলীৰ ৰাসত দ্বীপলিনাই কৰা অভিনয়ে মুগ্ধ কৰিলে দৰ্শকক। ছচিয়েল মিডিয়াতো ভাইৰেল হৈছে দ্বীপলিনাৰ অভিনয়ৰ কিছু দৃশ্যাংশ। কোৰোণাৰ মহামাৰীৰ বাবে প্ৰায় দুটা বছৰ অনুষ্ঠিত হোৱা নাছিল ৰাস। কিন্তু এইবাৰ ৰাসত দৰ্শকৰ ব্যাপক উচাহ দেখিবলৈ পোৱা গৈছে। দ্বিতীয় বৃন্দাবনৰ পৰিণত হৈছে ৰাসৰ থলীসমূহ। দৈৱকীৰ সাজত দ্বীপলিনাৰ ফটো অভিনেত্ৰীগৰাকীয়ে নিজে ছচিয়েল মিডিয়াতো শ্বেয়াৰ কৰিছে। ছচিয়েল মিডিয়াতো অত্যন্ত এক্টিভ দ্বিপলীনা