শক্তিপীঠ কামাখ্যাত বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী। কামাখ্যা দেৱীৰ আশিস ল'বলৈ আজি বিয়লিৰ সময়ত নীলাচলৰ বুকুত উপস্থিত হয় কণ্ঠশিল্পীগৰাকী। তেওঁ আন কোনো নহয়, চিনিবই পাৰিছে তেওঁ জনপ্ৰিয় গায়ক মিকা সিং। পৰিয়ালসহ উপস্থিত হৈ মিকা সিঙে কামাখ্যাৰ শ্ৰীচৰণত আগবঢ়ায় বিশেষ পূজা-অৰ্চনা। ইয়াৰ লগতে শক্তিপীঠত কুমাৰী পূজাও কৰে মিকা সিঙে। ইফালে, বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীক কাষত পাই উৎফুল্লিত হৈ পৰে বহু লোক। মিকা সিঙৰ সৈতে ছেলফি উঠিবলৈ হেতা-ওপৰা কৰাও পৰিলক্ষিত হয় বহুতকে।