বলীউডত বহু জনপ্ৰিয় গীতত কণ্ঠদান কৰিছে হানী সিঙে, বছৰত ধাৰাবাহিক চাৰ্টবাষ্টাৰৰ বাবে খ্যাত এই কণ্ঠশিল্পীগৰাকী। এইগৰাকী ৰকষ্টাৰে ৰিমেকৰ বিষয়ে এটা বিশেষ কথা শ্বেয়াৰ কৰিলে। হানীয়ে কণ্ঠদান কৰা কেইবাটাও অৰিজিনেল গীতৰ লগতে কেইবাটাও ব্লকবাষ্টাৰ ৰিমেক গীত যথেষ্ট ভাইৰেল হৈছে। হানী সিঙৰ মতে গীত অৰিজিনেলে হওক বা ৰিমেকে হওক প্ৰতিটো গীত টেকনিকেলভাৱে শুদ্ধ হ’ব লাগে তেতিয়াহে সেই গীত হিট বুলি ক’ব পৰা যায়। এই সন্দৰ্ভত হানীয়ে ক’লে ‘মই ভাবো যে ৰিমেক কৰাটো কেতিয়াও বেয়া নহয়। কেবল মই ভাবো যে সেই ৰিমেক গীত এনেকৈ প্ৰস্তুত কৰিব লাগে যাতে অৰিজিনেল গীতৰ ৰসটো নাইকিয়া হৈ নাযায়।
হানী সিঙে নিজেও কেইবাটাও গীতৰ ৰিমেক কৰিছে। ২০১৮ত ‘চনু কে টীট্টু কী ছুইটী’ নামৰ ছবিখনত দিল চৌৰী আৰু ছৌটে ছৌটে পেগ শীৰ্ষক গীত দুটাত কণ্ঠদান কৰিছে। এই গান হিট হোৱাৰ ৰহস্যৰ উদঘাটন কৰি হানীয়ে ক’লে, ‘মোৰ উদ্দেশ্য, মহান শিল্পীসকলৰ গানত যদি মই ৰিমেক কৰিছো তেন্তে সেই মহান শিল্পীসকলেও নতুন ভাৰচনৰো প্ৰশংসা কৰিব লাগে।’