প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহত বলীউদৰ তাৰকাৰ ভিৰ। সকলোৱে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰি প’জ দিলে ফটোৰ বাবে। প্ৰধানমন্ত্ৰী বলীউদৰ তাৰকাৰ সৈতে মিলিত হয় বাৰ্তালাপত। মোদীৰ আগত কেইবাগৰাকীও তাৰকাই ৰাখিলে নিজৰ বক্তব্য। অভিনেত্ৰী কংগনা ৰানাৱটে কয়, প্ৰধানমন্ত্ৰী মোদী এনেকুৱা এগৰাকী প্ৰধানমন্ত্ৰী, যিগৰাকীয়ে ছবি জগতক ইমান গুৰুত্ব দিয়ে। সঁচাকৈ মোদীয়ে বলীউদৰ শিল্পীসকলক সন্মান কৰে। এই উপলক্ষে আমিৰ খানে কয়, ‘মই বাপুৰ আদৰ্শক জনপ্ৰিয় কৰাৰ প্ৰয়াসৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীক প্ৰশংসা কৰিব বিচাৰো। এজন সৃষ্টিশীল লোক হিচাপে আমি এইক্ষেত্ৰত বহু কিবাকিবি কৰিব পাৰিম। মই প্ৰধানমন্ত্ৰী মোদীক আশ্বস্ত কৰিব বিচাৰো যে আমি এইক্ষেত্ৰত অধিক প্ৰয়াস কৰি যাম।’ শ্বাহৰুখ খানে কয় – আমাক এটা ভাল কামৰ বাবে একত্ৰিত কৰাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ। মই ভাৱো যে ভাৰত আৰু বিশ্বক আমি গান্ধীজীৰ সৈতে আকৌ পৰিচিত কৰা উচিত। আনন্দ এল ৰায়ে প্ৰধানমন্ত্ৰী মোদীক সম্বোধন কৰি কয় যে আমি মনোৰঞ্জন জগতৰ প্ৰতিনিধি হিচাপে পৰিচিত। কিন্তু আপুনি গান্ধীজীৰ আদৰ্শক জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত আমাক জড়িত কৰি ইয়াৰ প্ৰতি আমাৰ দায়িত্ববোধৰ ভাৱনা জাগ্ৰত কৰিলে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বলীউদত বহু ফাল কাম হৈ আছে। প্ৰধানমন্ত্ৰীৰ মতে বলীউদ জগতত হোৱা কামে দেশতে নহয়, সমগ্ৰ বিশ্বত প্ৰশংসিত হৈছে। প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠকত আমিৰ খান, শ্বাহৰুখ খানৰ উপৰি এছ পি বালাসুব্ৰমনিয়ম, জেকলিন ফাৰ্ণাণ্ডেজ, জেকি শ্ৰফ, অনুৰাগ বসু, ছনু নিগম, বনী কাপুৰ, কপিল শৰ্মা, ইমতিয়াজ আলী, তাৰক মেহতাৰ উল্টা শচমা টীম, ইটিভি গোটৰ সদস্যও উপস্থিত আছিল।