বলীউদৰ চুপাৰষ্টাৰ শ্বাহৰুখ খান, ছলমান খান, অক্ষয় কুমাৰ আৰু ছেইফ আলী খানে মুম্বাইত চৌদি আৰৱৰ সংস্কৃতিক মন্ত্ৰী বদৰ বিন ফাৰহান আলচাদক সাক্ষাৎ কৰে। লগতে ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে। ফটোখনডত শ্বাহৰুখ খানক বগা টি-চাৰ্ট পিন্ধা দেখা গৈছে। সেইদৰে অক্ষয়ে ফৰ্মেল পেণ্টৰ লগতে বগা চাৰ্ট পিন্ধি আছিল। আনহাতে ছলমানকো দেখা গৈছিল চৌদি আৰৱৰ মন্ত্ৰীৰ সৈতে। ক'লা ৰঙৰ চাৰ্ট পিন্ধি আছিল ছলমান খানে। ছেইফক দেখা যায় গুলপীয়া টি-চাৰ্ট পিন্ধা। অনুমান কৰা হৈছে যে, ভৱিষ্যতে দুয়োখন দেশৰ চলচ্চিত্ৰৰ কোনো কামৰ পৰিকল্পনা কৰি এনেদৰে মিলিত হৈছিল চৌদি আৰৱৰ মন্ত্ৰী আৰু বলীউদৰ তাৰকা। আনকি অনুমান কৰা হৈছে যে, শ্বাহৰুখ খানৰ ঘৰ মন্নতত এই সাক্ষাৎকাৰ হৈছিল। চৌদি আৰৱৰ ৰেড চি চলচ্চিত্ৰ মহোৎসৱৰ অধ্যক্ষ আল তুৰ্কীয়ে শ্বাহৰুখক মন্নতত সাক্ষাৎ কৰে। চৌদি আৰৱৰ সংস্কৃতি মন্ত্ৰীয়ে কৈছিল যে, তেওঁ তাৰকাসকলক লগ পাবলৈ অতি উৎসাহিত আছিল।