আজি বলীউদৰ কণ্ঠশিল্পী নেহা কক্কৰৰ স্বামী ৰোহণপ্ৰীতৰ জন্মদিন। নেহা আৰু ৰোহণপ্ৰীতৰ কণ্ঠ সকলোৱে ভাল পায়। ঠিক তেনেদৰে বলীউদৰ জগতত জনপ্ৰিয় দম্পত্তীৰ ভিতৰত নেহা–ৰোহুৰ নাম অন্যতম। ছ’চিয়েল মিডিয়াত যিকোনো পোষ্ট আপলোড কৰিলেই মুহুৰ্তৰ ভিতৰতে ভাইৰেল হয়। ৰহুৰ জন্মদিন উপলক্ষে নেহাই ৰহুক শুভেচ্ছা জনাই ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে ফটো। নেহা–ৰোহুৰ ফটো দেখি আনন্দত মতলীয়া অনুৰাগী। নেহাৰ পোষ্টতে অনুৰাগীয়ে শুভেচ্ছা জনাইছে ৰোহণপ্ৰীতক। নেহাই ফটো শ্বেয়াৰ কৰাৰ উপৰিও নব্বৈ দশকৰ ষ্টাইলত পৰিয়ালৰ সৈতে কেক কাটি জন্মদিন পালন কৰাৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে ইনষ্টাগ্ৰামত।