তুষাৰ কালিয়া! নামেই যাৰ পৰিচয়। বলীউদৰ জনপ্ৰিয় কৰিঅ'গ্ৰাফাৰ তথা Khatron Ke Khiladi 12 ৰ বিজয়ী তুষাৰ কালিয়াই বিবাহপাশত আৱদ্ধ হৈছে। তুষাৰে তেওঁৰ প্ৰেমীকা ত্ৰিবেণী বৰ্মনৰ পাণি গ্ৰহণ কৰে । ত্ৰিবেণী বৰ্মন হৈছে অসমীয়া জীয়ৰী লগতে পেছাত এগৰাকী মডেল। ত্ৰিবেণীয়ে ২০১৭ চনত ফেমিনা মিছ ইণ্ডিয়া অসম জিকিছিল। তুষাৰে তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত ত্ৰিবেণীৰ সৈতে তেওঁলোকৰ পৰম্পৰাগত ৰীতি-নীতিৰ ফটো শ্বেয়াৰ কৰি এই কথা ঘোষণা কৰিছে। ফটো শ্বেয়াৰ কৰি তুষাৰে লিখিছে- Blessed আনহাতে, তুষাৰক বগা আৰু ত্ৰিবেণীক ৰঙা ৰঙৰ পোছাক পিন্ধি ৰোমান্টিক ভংগীমাত ফটো উঠা দেখা গৈছে , আৰু সেই ফটো তুষাৰে তেওঁৰ ইনষ্টাগ্ৰামত একাউন্টত শ্বেয়াৰ কৰিছে। ইয়াৰ পিছতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে তুষাৰ–ত্ৰিবেণীৰ বিয়াৰ মুহুৰ্তৰ ফটোবোৰ। তুষাৰে দুটা চিজনৰ বাবে 'ঝলক দিখলা যাত' কোৰিঅ'গ্ৰাফাৰ হিচাপে অংশগ্ৰহণ কৰিছে। তেওঁ 'ইণ্ডিয়াজ গট টেলেণ্ট' আৰু 'ডান্স দিৱানে' ৩ ৰ দৰে অনুষ্ঠানৰ বিচাৰ কৰিছে। আনহাতে তুষাৰে ৰোহিত চেট্টীৰ দ্বাৰা পৰিচালিত শ্ব' Khatron Ke Khiladi 12 বিজয়ী হৈছে। এতিয়া তুষাৰৰ বিয়াৰ খবৰ পাই সকলো অনুৰাগী উৎফুল্লিত হৈ পৰিছে। সকলোৱে অভিনন্দন জনাইছে তুষাৰ-ত্ৰিবেণীক ।