বলীউদৰ সুন্দৰী অভিনেত্ৰী তেওঁলোক। বিচৰা হেতেন কেৰিয়াৰক ফোকাছ কৰিব পাৰিলেহেতেন। কিন্তু বৰ্তমান এইসকল অভিনেত্ৰী নিজৰ সংসাৰকৈ ব্যস্ত। ক্ৰিকেটাৰলৈ বিয়া হোৱাৰ পিছৰে পৰা এইসকল অভিনেত্ৰীয়ে জলাঞ্জলি দিলে নিজৰ কেৰিয়াৰক। ২০১৭ চনত ক্ৰিকেটাৰ জাহিৰ খানলৈ বিয়া হৈছিল অভিনেত্ৰী সাৰগিকা। সেই বছৰতে সাগৰিকাক শেষৰ খন ছবি ইৰাদাত।
ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহম্মদ আজাহাৰুদ্দিনে ১৯৯৬ চনত প্ৰথমা পত্নীৰ সৈতে সম্পৰ্ক বিচ্ছেদ কৰে। ইয়াৰ পিছত বলীউদৰ অভিনেত্ৰী সংগীতা বিজলানীৰ সৈতে দ্বিতীয় বিবাহ কৰে। সংগীতাই শেষবাৰ অভিনয় কৰিছিল নিৰ্ভয় ছবিত। ইয়াৰ পিছৰ পৰা আৰু পৰ্দাত দেখিবলৈ পোৱা নাই সংগীতাক।কিন্তু ২০১০ চনত আজাহাৰ আৰু সংগীতাৰ বিবাহবিচ্ছেদ কৰে।