১. নেহা ধুপীয়াঃ বিয়াৰ পূৰ্বেই গৰ্ভৱতী হৈছিল নেহা ধুপীয়া। অংগদ বেদীৰ সৈতে বিয়াৰ ৬ মাহৰ পিছতে প্ৰথম সন্তান মেহেৰক জন্ম দিছিল নেহাই। এমি জেকছনঃ প্ৰেমিক জৰ্জ পানায়াটোৰ সৈতে বাগদান হোৱাৰ পিছতে গৰ্ভৱতী হোৱাৰ কথা নিজে ছচিয়েল মিডিয়াত জনাইছিল অভিনেত্ৰীগৰাকীয়ে। গাব্ৰিয়েলা ডেমেট্ৰিয়েডছঃ অৰ্জুন ৰামপালৰ প্ৰেমিকা তেওঁ। অৰ্জুনে নিজে প্ৰেমিকাৰ গৰ্ভাৱস্থাৰ কথা ছচিয়েল মিডিয়াত জনায়। ২০১৯ চনত সন্তান জন্ম দিয়ে গাব্ৰিয়েলাই। তাৰ পিছত এই পৰ্যন্ত বিয়া কৰোৱা নাই। কাল্কি কেকলানঃ বিয়াৰ পূৰ্বেই সন্তান লাভৰ কথা জনাইছিল অভিনেত্ৰীগৰাকীয়ে। ২০২০ চনত সন্তান জন্ম দিয়ে কাল্কিয়ে। নাতাশা স্তানকোভিকঃ মডেল তথা অভিনেত্ৰীগৰাকীয়ে হাৰ্দিক পাণ্ডিয়াৰ সৈতে বাগদান কৰাৰ কিছুমাহৰ পিছতে গৰ্ভৱতী হোৱাৰ খবৰ আহে। শ্ৰীদেৱীঃ বিয়াৰ পূৰ্বেই গৰ্ভৱতী হৈছিল অভিনেত্ৰীগৰাকী। নিজে একাধিকবাৰ এই কথা স্বীকাৰ কৰিছে। শ্ৰীদেৱী যেতিয়া ৭ মাহৰ গৰ্ভৱতী আছিল তেতিয়া বনি কাপুৰৰ সৈতে বিয়া হয়। মহিলা চৌধুৰীঃ গৰ্ভাৱস্থাতেই ববি মুখাৰ্জীৰ সৈতে বিয়াত বহে অভিনেত্ৰীগৰাকী। দিয়া মিৰ্জাঃ ভাৰব ৰাখীৰ সৈতে বিয়াৰ কিছু দিনৰ ভিতৰতে গৰ্ভৱতী হোৱাৰ খবৰ দিয়ে দিয়া মিৰ্জাই। চেলিনা জেটলীঃ গৰ্ভৱস্থাতেই বিয়াত বহিছিল অভিনেত্ৰী চেলিনা জেটলী।