ৰেম্পত কেট ৱাক কৰাৰ পাছতে অসম কন্যা সংযুক্তাৰ ডিজাইন সন্দৰ্ভত এনদৰে প্ৰশংসাত গদ গদ হৈ পৰে ভাগ্যশ্ৰী– অসমৰ বহু থলুৱা শিপিনীক এখন নিৰাপদ কৰ্মক্ষেত্ৰৰ বাট মুকলি কৰি দিয়া সংযুক্ত দত্তৰ এই প্ৰয়াস নিঃসন্দেহে শলাগ ল'বলগীয়া। ডিজাইনাৰ সংযুক্তা দত্তলৈ মই আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আশা কৰিছো অনাগত দিনত যেন এই যাত্ৰা অধিক ফলপ্ৰসূ হয়।
ইপিনে, ভাগ্যশ্ৰীয়ে তেওঁৰ ডিজাইনৰ মেখেলা–চাদৰ পিন্ধি লেকমে ফেশ্বন উইকৰ ৰেম্পত খোজ দিয়াটো জীৱনৰ এক চিৰস্মৰণীয় মুহূৰ্ত বুলি অভিহিত কৰি সাম্প্ৰতিক বিশ্বৰ ফেশ্বন ডিজাইন জগতখনৰ অন্যতম ব্যস্ত ডিজাইনাৰ অসম কন্যা সংযুক্তা দত্তই কয়– এয়াতো মোৰ বাবে অন্যতম সফলপ্ৰাপ্তি। মোৰ ডিজাইনৰ অভিনৱ সম্ভাৰ "পলাশ"ৰ মেখেলা–চাদৰ পিন্ধি লেকমী ফেশ্বন উইকৰ ৰেম্পত খোজ দিছে বলীউডৰ সৌন্দৰ্য ৰাণী ভাগ্যশ্ৰী, ইয়াতকৈ আৰু সুখৰ উৎস আন কি হ'ব পাৰে।
বিশ্বৰ আগশাৰীৰ মঞ্চত অসমৰ চিৰযুগমীয়া বস্ত্ৰ সম্ভাৰ প্ৰদৰ্শন কৰিব পোৱাটো অসমবাসীৰ বাবেই এক বৰ্ণিল সুযোগ বুলি লগতে মন্তব্য কৰে ডিজাইনাৰ দত্তই। শাৰদীয় দুৰ্গাপূজা, দীপাৱলী আদি উৎসৱকালীন ঋতুৰ সৈতে সম্পৰ্ক ৰাখি প্ৰস্তুত কৰা সংযুক্তা দত্তৰ শেহতীয়া ফেশ্বন ব্ৰেণ্ড হৈছে পলাশ। পৰম্পৰাগত ভাৰতীয় সাজ সজ্জাক আধুনিকতাৰ পৰশেৰে নানা ৰঙী ৰূপত প্ৰস্তুত কৰা হৈছে পলাশৰ অগতানুগতিক ৰেচমী বস্ত্ৰ সম্ভাৰ। ভাৰতীয় কৃষ্টি সংস্কৃতিৰ সৈতে নিভাঁজ সম্পৰ্ক ৰাখি ঘাইকৈ কমলা, ৰঙা, বেঙুণীয়া আৰু ক'লা ৰঙত সকলো ভাৰতীয়ৰে মন মুহিব পৰাটো সংযুক্তাৰ শেহতীয়া ব্ৰেণ্ড পলাশৰ মূল বৈশিষ্ট্য।
উল্লেখ্য, বলীউডৰ প্ৰখ্যাত-জনপ্ৰিয় অভিনেত্ৰী হেমা মালিনী, বিপাশা বসু, প্ৰীতি জিণ্টা, কৰিশ্মা কাপুৰ, জেৰিন খান আদিয়ে দেশৰ অন্যতম জনপ্ৰিয় ফেশ্বন শ্ব' লেকমে ফেশ্বন শ্ব' উইক, এফ ডি চি আইসহ একাধিক প্ৰসিদ্ধ ফেশ্বন শ্ব'ৰ ৰেম্পত সংযুক্তা দত্তই প্ৰস্তুত কৰা থলুৱা পাট-মুগাৰ ডিজাইনৰ বস্ত্ৰৰে বিশ্বৰ কোটি কোটি লোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। তদুপৰি ২০১৫ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অহা ইংলেণ্ডৰ ৰাজবোৱাৰী কেট মিডলটনে পৰিধান কৰা আটকধুনীয়া সাজযোৰো প্ৰস্তত তথা ডিজাইন কৰিছিল অসম কন্যা ডিজাইনাৰ সংযুক্তা দত্তই।