কিয়াৰা আৰু সিদ্ধাৰ্থে বহু সময়ৰ পৰা প্ৰেমৰ সম্পৰ্কত আছিল। কিন্তু তেওঁলোকে ৰাজহুৱাভাৱে কেতিয়াও নিজে স্বীকাৰ কৰা নাছিল। তথাপিও দুয়োয়ে ইজনে সিজনক ঘনিষ্ঠ বন্ধু বুলি অভিহিত কৰি আহিছিল। তেওঁলোকক একেলগে বলীউডৰ চলচিত্ৰ ‘শ্বেৰশ্বাহ’ ত অভিনয় কৰিছিল। এই ছবিখনৰ পিছতেই সকলোৱে এই যুটীটোক অধিক পছন্দ কৰিবলৈ লৈছিল।