গুৱাহাটীত উপস্থিত বলীউদৰ মোহময়ী অভিনেত্ৰী মহিমা চৌধুৰী আৰু অভিনেতা শ্ৰেয়াষ টালপাড়ে। মুম্বাইৰ পৰা আজি দুপৰীয়া বৰঝাৰ বিমানবন্দৰত উপস্থিত হয় দুয়োগৰাকী অভিনেতা–অভিনেত্ৰী। বিমাবন্দৰত দুয়োগৰাকীকে উষ্ম আদৰণী জনায় শুভাকাংক্ষীসকলে। নগাঁৱৰ এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ উপস্থিত হৈছে দুই তাৰকা। অভিনেত্ৰী মহিমাৰ শৈশৱকাল অসমতে পাৰ হৈছে, যাৰ বাবে অসম অতি প্ৰিয় মহিমাৰ। মহিমা চৌধুৰীয়ে অসমৰ মেখেলা–চাদৰ পিন্ধিয়ে বিবাহপাশত আবদ্ধ হোৱা বুলি জনায় ।