অপেক্ষাৰ অৱসান! কন্যা সন্তানৰ পিতৃ–মাতৃ হ'ল বলীউডৰ জনপ্ৰিয় অভিনেতা–অভিনেত্ৰী ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট্ট। আলিয়াৰ কন্যা জন্মৰ খবৰ অহাৰ পিছত, অনুৰাগীসকলে ছ'চিয়েল মিডিয়াত অভিনন্দন জনাইছে। আলিয়া-ৰণবীৰৰ সন্তানৰ জন্মৰ খবৰ শুনি অনুৰাগীসকল অতি আনন্দিত। তথ্য অনুসৰি আলিয়াক আজি পুৱা ৮.২০ বজাত দক্ষিণ মুম্বাইৰ এইচ এন ৰিলায়েন্স চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। দুপৰীয়া প্ৰায় ১২.০৫ বজাত সন্তানটিৰ জন্ম হয়। আলিয়া ভট্ট আৰু ৰণবীৰ কাপুৰে এই বছৰৰ এপ্ৰিলত বিবাহ পাশত আৱদ্ধ হয়। যেতিয়াই আলিয়াই গৰ্ভধাৰণৰ খবৰ ছ’চিয়েল মিডিয়াযোগে অনুৰাগীক জনাইছিল,তাৰ পিছতে সকলো উৎসাহিত হৈ পৰে। এতিয়া সকলো ৰৈ আছে কাপুৰ পৰিয়ালত আনন্দৰ বন্যা কঢ়িয়াই অনা সন্তাটিৰ মুখ চাবলৈ। খবৰ শুনি সোণম কাপুৰে লিখিছে, "অভিনন্দন ডাৰ্লিং গাৰ্ল, তোমাৰ ৰাজকুমাৰীক চাবলৈ অপেক্ষা কৰিব নোৱাৰি।" (ফটো: শ্বাহীন ভাট/ইনষ্টাগ্ৰাম)