জুহি চাওলাই (Juhi Chawla) এক উজ্জ্বল প্ৰদৰ্শনেৰে চলচ্চিত্ৰ উদ্যোগত নিজৰ বাবে এটা স্থান অৰ্জন কৰিছে। জুহিয়ে তেওঁৰ চলচ্চিত্ৰ কেৰিয়াৰত বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে। জুহিয়ে বহুতো অভিনেতাৰ সৈতে অভিনেত্ৰী ৰূপত কাম কৰিছে। কিন্তু আমীৰ খান, শ্বাহৰুখ খান আৰু ঋষি কাপুৰৰ সৈতে তেওঁৰ যুটি জনপ্ৰিয়। ১৯৬৭ চনৰ ১৩ নৱেম্বৰত পঞ্জাবত জন্মগ্ৰহণ কৰা জুহিয়ে তেওঁ ৫৪ সংখ্যক জন্মদিন পালন কৰে। (ফটো সৌজন্যঃ iamjuhichawla/Instagram)
জুহি চাওলা বুলি ক'লে আজিও এনে এখন মুখৰ ছবি ভাহি উঠে, য'ত বয়সৰ আভাস নাথাকে। জুহিয়ে ১৯৮৪ চনত মিছ ইণ্ডিয়া খিতাপ জয় কৰিছিল। কেৱল সেয়াই নহয়, তেওঁ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিছিল আৰু শ্ৰেষ্ঠ পোছাকত বঁটা লাভ কৰিছিল। সৌন্দৰ্য প্ৰতিযোগিতাত সফলতাৰ পিছত জুহি বলীউডলৈ আহে। (ফটো সৌজন্যঃ iamjuhichawla/Instagram)