অসমীয়া ছবিজগতৰ জনপ্ৰিয় যুটি বৰষা-ভাস্কৰ। অনুৰাগীৰ পৰা স্বামীলৈ এক বৰ্নিল সময় বৰষা ৰাণী বিষয়াই হয়তো ভৱাই নাছিল ! অনুৰাগী এজনৰ পৰা অৱশেষত হৈ পৰিল বৰষাৰ খং, অভিমান কিম্বা ভাল পোৱাৰ হিচাপ ৰখা ব্যক্তি জন । এক কথাত ক'বলৈ গ'লে অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ জীৱন বাটৰ লগৰী। আজি সকলোৰে প্ৰিয় এই যুটিটোৱে পূৰ্ণ কৰিলে যুগ্ম জীৱনৰ দুটা বছৰ। সুখে-দুখে সকলো সময়তে বৰষাৰ কাষত থাকে ভাস্কৰ হাজৰিকা। বৰ্তমান অসমৰ সৰ্বাধিক চৰ্চিত দম্পতী হৈছে বৰষা আৰু ভাস্কৰ বৰুৱা। কাৰণ প্ৰত্যেকটো খোজতে বৰষাৰ ওচৰত ঢাল হৈ থাকে স্বামী। বিবাহ বাৰ্ষিকীৰ দিনটোত ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছে বৰষা ৰাণী বিষয়াই। জীৱনৰ যাত্ৰাৰ অনন্য মুহূৰ্তবোৰ আনন্দ আৰু হেঁপাহৰ এনাজৰীৰে বান্ধি ৰাখিবলৈ প্ৰতিজ্ঞাবদ্ধ বৰষা-ভাস্কৰ। আজিৰ এই বিশেষ দিনটোত বৰষা-ভাস্কৰলৈ থাকিল বিবাহ বাৰ্ষিকীৰ অলেখ অজুত শুভকামনা ।