আথিয়া। এই লেহেঙ্গা সঁচাকৈয়ে চাব লগা আছিল। বহুতো শিল্পীয়ে সেই লেহেঙ্গা তৈয়াৰ কৰিছিল। এবছৰতকৈও অধিক সময় দিন-ৰাতি কাম কৰাৰ পিছত লেহেঙ্গা তৈয়াৰ কৰা হৈছিল। আথিয়াৰ বিয়াৰ লেহেঙ্গাক লৈ সামাজিক মাধ্যমত চৰ্চা হৈছে। এই লেহেঙ্গাত আথিয়াক ধুনীয়া দেখাইছে। এই পাতল গুলপীয়া ৰঙৰ লেংগেঙ্গা তৈয়াৰ কৰিবলৈ ১০ হাজাৰ ঘণ্টাতকৈও অধিক সময় লাগিছিল। ফেশ্বন ডিজাইনাৰ অনামিকা খান্নাই এই লেহেঙ্গা ডিজাইন কৰিছে। এয়া যন্ত্ৰৰ কাম নাছিল, ইয়াক শিল্পীসকলে বোৱা আছিল। আথিয়াক এই লেহেঙ্গা তৈয়াৰ কৰিবলৈ এবছৰতকৈও অধিক সময় লাগিছিল। খবৰ অনুসৰি ইয়াত মুঠ ৪১৬ দিন লাগিছিল। ডিজাইনাৰজনে আথিয়া চেট্টীক ৰাজকীয় ৰূপ দিবলৈ চেষ্টা কৰিছিল। বিয়াৰ দিনা এই লেহেঙ্গাত আথিয়াক বেছ ধুনীয়া দেখা গৈছিল।