অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীসকলৰ ভিতৰত অন্যতম আচুৰ্য বৰপাত্ৰ। যাৰ কণ্ঠই লাখ লাখ মানুহৰ হৃদয় চুই যায়। বহু জনপ্ৰিয় গীতত কণ্ঠদান কৰিছে আচুৰ্যই। বহু যুৱতীৰ ক্ৰাছ হৈ পৰিছিল আচুৰ্য। পিছে এতিয়া আৰু ছিংঙেল নহয় জনপ্ৰিয় কন্ঠশিল্পী আচুৰ্য বৰপাত্ৰ। দেৰগাঁৱৰ মীনাক্ষী বৰঠাকুৰ পিন্ধালে আঙঠি।সোমবাৰে যোৰহাটৰ এটা বিবাহ ভবনত অনুষ্ঠিত কৰিলে আঙঠি পিন্ধোৱা পৰ্ব। খোজ দিলে জীৱনৰ আন এক অধ্যায়ত। আচুৰ্যৰ খবৰটো পায় উৎফুলিত হৈ পৰিছে অনুৰাগীসকল। আচুৰ্যই ছ'চিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰাৰ লগে লগে অনুৰাগীসকলে শুভেচ্ছাৰে উপচাই পেলাইছে। এতিয়া সকলোৰে অপেক্ষা প্ৰিয় শিল্পীজনৰ বিয়ালৈ।