আজি কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ ওপজা দিন। বহু জনপ্ৰিয় গীতত কণ্ঠদান কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে আচুৰ্যই। বৰ্তমান সময়ত জনপ্ৰিয় গায়ক সকলৰ ভিতৰত অন্যতম আচুৰ্য। বিভিন্ন সময়ত বিভিন্ন বাধাৰ সন্মুখিন হৈছে যদিও কেতিয়াও থমকি ৰোৱা নাই আচুৰ্যই। আজি ওপজা দিন উপলক্ষে ছ’চিয়েল মিডিয়াত শুভেচ্ছাৰে ওপচাই পেলাইছে অনুৰাগীয়ে। জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশেও আচুৰ্য বৰপাত্ৰক ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি জনালে শুভেচ্ছা ।