আজি অসমৰ চলচ্চিত্ৰ জগতৰ (Assamese Film Industry) মোহময়ী অভিনেত্ৰী ৰিম্পী দাসৰ (Rimpi Das) জন্মদিন। তেওঁ অসমৰ লগতে ভাৰতীয় টেলিভিছন (TV) জগতৰো এখন চিনাকী মুখ। ২০০৪ চনতে অশোক কুমাৰ বিষয়াৰ মনত বিৰিণাৰ জুইৰ জৰিয়তে ছবিজগতত খোজ পেলাইছিল অভিনেত্ৰী ৰিম্পী দাসে। তাৰ পূৰ্বেও তেওঁ অসমীয়া ভিচিডিত অভিনয় কৰিছিল। মন যায়, গানে কি আনে, অজেয়, আমি অসমীয়া, অচিন চিনাকী, পলে পলে উৰে মন আদি কেইবাখনো অসমীয়া ছবিত সাৱলীল অভিনয়েৰে দৰ্শকৰ মন মুহিছে এইগৰাকী অভিনেত্ৰীয়ে। তেওঁৰ হিন্দী টেলিভিছনৰ প্ৰথম ধাৰাবাহিক হৈছে বিগ মেজিকৰ জনপ্ৰিয় ধাৰাবাহিক আকবৰ বীৰবল। তাত তেওঁ আনাৰকলি চৰিত্ৰ ৰূপায়ন কৰিছিল। ষ্টাৰ প্লাছৰ চিৰিয়েল চিয়া কে ৰামত পাৰ্বতীৰ চৰিত্ৰ ৰূপায়ন কৰিছিল ৰিম্পীয়ে। ২০১০ চনত কহিনুৰ থিয়েটাৰৰ জৰিয়তে ভ্ৰাম্য়মান থিয়েটাৰত ৰিম্পীয়ে আত্মপ্ৰকাশ কৰে। ভ্ৰাম্য়মান জগততো তেওঁৰ অভিনয়ক লৈ যথেষ্ট প্ৰশংসা হয়।