অসমীয়া ছবিজগতৰ জনপ্ৰিয় দম্পত্তি বৰষা-ভাস্কৰ। আজি অভিনেত্ৰী বৰষা ৰাণী বিষয়া (Barsha Rani Bishaya) আৰু ভাস্কৰ বৰুৱাৰ বিবাহে সম্পূৰ্ণ কৰিলে ২টা বছৰ। সুখে-দুখে বৰষা-ভাস্কৰে অতিবাহিত কৰিলে দুটা বসন্ত। আজি দুয়োজনৰ বিয়াৰ দ্বিতীয় বিবাহবাৰ্ষিকী। ২০২১ চনৰ আজিৰ দিনটোতেই বিবাহপাশত আৱদ্ধ হৈছিল বৰষা আৰু ভাস্কৰ। বিবাহবাৰ্ষিকীৰ দিনটোত আবেগসনা কথাৰে ছচিয়েল মিডিয়াত পোষ্ট কৰিছে বৰষা ৰাণী বিষয়াই। বৰষাই লিখিছে, "Happy 2nd to you my love @bhaskar__boruah . I am grateful to God for sending his best child as my companion for life " এই বিশেষ দিনটোত বৰষা আৰু ভাস্কৰক অসমীয়া ছবিজগতৰ তাৰকাসকলৰ লগতে অনুৰাগীয়েও জনাইছে বিবাহবাৰ্ষিকীৰ শুভেচ্ছা।