আশিস বিদ্যাৰ্থীৰ বিয়াৰ কেইঘণ্টামান পিছতে তেওঁৰ প্ৰথমা পত্নীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত কিছুমান ৰহস্যময় পোষ্ট শ্বেয়াৰ কৰে। ৰাজোশীয়ে পিলু বিদ্যাৰ্থী নামেৰে থকা ইনষ্টাগ্ৰাম হেণ্ডেলত প্ৰথম পোষ্টটোত উল্লেখ কৰে– ''আপোনাৰ মনৰ পৰা এতিয়া বহু চিন্তা আৰু সন্দেহ ওলাই যাব পাৰে। স্পষ্টতাই বিভ্ৰান্তিৰ ঠাই ল’ব পাৰে। সুখ আৰু শান্তিয়ে আপোনাৰ জীৱন ভৰাই তোলক। আপুনি যথেষ্ট দিন ধৰি শক্তিশালী হৈ আছে, আপোনাৰ আশীৰ্বাদ লোৱাৰ সময় আহি পৰিছে। আপুনি ইয়াৰ যোগ্য।''
ইয়াৰ পিছত তেওঁ আন এটা পোষ্ট শ্বেয়াৰ কৰিলে, য'ত লিখা হৈছিল- ''সঠিকজনে আপোনাক প্ৰশ্ন নকৰে যে আপুনি তেওঁলোকৰ বাবে কি বুজাব বিচাৰিছে। তেওঁলোকে সেয়া নকৰে, যিটোৱে আপোনাক আঘাত দিয়ে বুলি তেওঁলোকে অনুভৱ কৰে। তেওঁলোকক মনত ৰাখিব।'' গুৰুত্বপূৰ্ণ যে বিবাহৰ পিছত ৰাজোশী বৰুৱাই তেওঁলোকৰ বিবাহ বিচ্ছেদ বুজাবুজিৰ মাজেৰে যোৱা অক্টোবৰত হোৱা বুলি উল্লেখ কৰে। লগতে কয় যে আশিসে তেওঁক কেতিয়াও প্ৰতাৰণা কৰা নাই।
উল্লেখ্য, ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে অভিনেতাগৰাকী আৰু তেওঁৰ দ্বিতীয় পত্নীৰ বিয়াৰ ছবি। এয়া স্বাভাৱিক। আশিস বিদ্যাৰ্থীয়ে নিজৰ দ্বিতীয় বিবাহৰ অনুভৱ অসাধাৰণ বুলি প্ৰকাশ কৰে। আশিস বিদ্যাৰ্থীৰ দ্বিতীয় পত্নী ৰূপালী বৰুৱা গুৱাহাটীৰ বাসিন্দা আৰু এগৰাকী ব্যৱসায়ী। কলকাতাত এখন আপস্কেল ফেশ্বন ষ্ট’ৰ চলাই আছে।