মালাইকা অৰোৰা আৰু অৰ্জুন কাপুৰৰ বন্ধৰ জীৱন ইতিমধ্যে সামাজিক মাধ্যমত উচ্ছ্বসিত হৈ আছে। মালদ্বীপ হওঁক বা পেৰিছ হওঁক, এই বলি দম্পতীৰ ৰোমান্টিক ভ্ৰমণে সদায় জনপ্ৰিয়তা লাব কৰিছে। অৰ্জুন কাপুৰৰ ৩৭ তম জন্মদিন। অৰ্জুন-মালাইকা যুটি উদযাপন কৰিবলৈ পোনে পোনে পেৰিছলৈ উৰা মাৰিছিল। অৰ্জুন আৰু মালাইকাই আইফেল টাৱাৰৰ সৈতে এখন চেলফিও লৈছিল। প্ৰেমৰ চিন থকা চেলফিত, দেখা যায় যে দম্পতীহালৰ সুখ চকু আৰু মুখত প্ৰতিফলিত হয়। তাত মালাইকাই আঙুলিৰে আইফেল টাৱাৰটো দেখুৱাই আছে। মালাইকা আৰু অৰ্জুনে কেইবছৰমানৰ পৰা ডেটিং কৰি আছে। তেওঁলোকৰ কেইবাখনো আকৰ্ষণীয় ছবিয়ে ইতিমধ্যে সামাজিক মাধ্যমত এক গুঞ্জন সৃষ্টি কৰিছে। একাধিক ছবিত তেওঁলোকৰ মৰমৰ চুম্বনে তেওঁলোকৰ প্ৰেমৰ গভীৰতা দেখুৱাইছে।