বলিটাউনে এতিয়া কিয়াৰা-সিদ্ধাৰ্থৰ বিবাহৰ বাবে অপেক্ষা কৰি আছে। ২০২৩ চনৰ আৰম্ভণিতে দুয়ো এক হ'বলৈ গৈ আছে ! ফেব্ৰুৱাৰীত নেকি বিয়া ? কিয়াৰা-সিদ্ধাৰ্থ নতুন বছৰক স্বাগতম জনাবলৈ ডুবাইলৈ উৰা মাৰিছে গোপন সূত্ৰ অনুসৰি, চাৰিখন হাত ৬ ফেব্ৰুৱাৰীত এখন হ'ব। অৱশ্যে, চিড-কিয়াৰাৰ পৰিয়ালে এতিয়ালৈকে এই বিষয়ে একো কোৱা নাই। শুনা গৈছে যে বিয়াখন ৰাজস্থানৰ জয়ছলমেৰত অনুষ্ঠিত হ'ব। বিবাহ অনুষ্ঠানটো জয়ছলমেৰৰ পেলেচত অনুষ্ঠিত হ'ব। 'কফি উইথ কৰণ চিজন ৭'ৰ খণ্ডটোৰ পিছত, কিয়াৰাৰ সৈতে সিদ্ধাৰ্থৰ সম্পৰ্কক লৈ জল্পনা-কল্পনা চলিছিল।