বলীউদ ডিভাৰ কামবেক। সন্তান জন্ম হোৱাৰ পূৰ্বে আৰু পিছত কিছুদিন অভিনয় জগতৰ পৰা দূৰত আছিল অনুষ্কা শৰ্মা। কিন্তু অকণো ম্লান হোৱা নাই তেওঁৰ সৌন্দৰ্য। সম্প্ৰতি GRAZIA আলোচনীৰ ফটোশ্বুটত খলকনি তুলিলে অভিনেত্ৰীগৰাকীয়ে। ভামিকাৰ জন্মৰ পিছতো অনুষ্কাৰ দেহৰ গঠন অকণো ইফাল–সিফাল হোৱা নাই। মেগাজিনৰ কভাৰ ফটোশ্বুটত তেওঁৰ ব’ল্ড লুকত মুগ্ধ অনুৰাগীসকল। এই কভাৰ শ্বুটত অনুষ্কাক ক’লা ৰঙৰ পোছাকত দেখা গৈছে। ব্যৱহাৰ কৰিছে নামমাত্ৰ মেকআপ। হাই শ্লিট বডীকন ড্ৰেছত হয় অনুষ্কা। পোছাকত স্পষ্ট মেদহীন দেহৰ গঠন। ক’লা ৰঙৰ টিউব ড্ৰেছতো হৈছে এটা ফটোশ্বুট। অনুষ্কা শৰ্মা পোছাকত ক্ষেত্ৰত ব্যতিক্ৰম। খুব উজ্জ্বল ৰং পিন্ধা অনুষ্কাক খুব কমেই দেখা যায়। ইয়াত লেডাৰ জেকেট পিন্ধা দেখা গৈছে বিৰাট পত্নীক। অধিকাংশ সময়ত গাঢ় ৰং অথবা পেষ্টেল শ্বেডৰ পোছাক পিন্ধা দেখা যায় অনুষ্কাক। অনন্য ৰূপত অনুষ্কা। কাৰণ অলংকাৰে কাঢ়িছে দৃষ্টি। অনুষ্কাৰ এই লুকে শীতৰ আমেজতো উষ্ণতা বঢ়াইছে। অনুষ্কা শৰ্মা এগৰাকী সফল অভিনেত্ৰীয়ে নহয়, এগৰাকী সফল প্ৰযোজকো। ইয়াৰ উপৰি নিজৰ পোছাকৰ ব্ৰেণ্ডো আছে অনুষ্কাৰ।