পৰিয়ালৰ সৈতে মালদ্বীপলৈ ছুটীত গৈছিল অনুষ্কা শৰ্মা। তাৰ পৰাই অভিনেত্ৰীগৰাকীয়ে নিজৰ কিছু মোহনীয় ছবি শ্বেয়াৰ কৰিছে। অতি কম সময়ৰ ভিতৰতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ফটোবোৰ। (Anushka Sharma Viral Photos) মালদ্বীপত ছুটীৰ মুডত আছে বিৰাট কোহলিৰ পত্নী অভিনেত্ৰী অনুষ্কা শৰ্মা (Anushka Sharma)। ক’লা ছুইমিং ছুটত বালিসনা দেহাৰে ধুমুহা তুলিছে অনুষ্কাই। কমলা ৰঙৰ মনোকিনিৰ সৈতে এই ছবিখনৰ পৰা চকু আঁতৰাই নিব পৰা নাই অনুৰাগীসকলে। মনোকিনিৰ সৈতে মেচিং শ্ৰাগ লৈছে ফেশ্বনিাষ্ট অনুষ্কাই। গ্ৰীণ ৱান পিচত বোল্ড অৱতাৰত অনুষ্কা শৰ্মা। ৰিবড মনোকিনিত ভাইৰেল অনুষ্কাৰ ছবি। কমলা আৰু বগা টু-পিচত সমুদ্ৰ তীৰত সময় কটোৱা মুহূৰ্তত অনুষ্কা শৰ্মা। গৰ্ভাৱস্থাৰ সময়তো নায়িকাগৰাকীয়ে ক’লা মনোকিনিৰে দৃষ্টি আকৰ্ষণ কৰিছিল। ভগ আলোচনীৰ কভাৰত ক্ৰিকেট বিকিনি পিন্ধা অনুষ্কা। ভিন্ন ৰঙী ছুইমিং ছুটত অনুষ্কা শৰ্মা (Anushka Sharma)।