‘পেইণ্টাৰ বাবু’ ছবিৰে বলীউডত অভিষেক ঘটোৱা মীনাক্ষি শেষাদ্ৰীয়ে ‘হিৰো’ ছবিৰ পৰা জনপ্ৰিয়তা লাভ কৰে। মীনাক্ষি আৰু অনিল কাপুৰে বহু ছবিত একেলগে কাম কৰিছে। আজি জন্মদিনৰ দিনা মীনাক্ষিক থ্ৰ’বেক ছবি শ্বেয়াৰ কৰি জন্মদিনৰ শুভেচ্ছা জনাইছে অনিল কাপুৰে। (ফটো সৌজন্য: Anil Kapoor/twitter) অনিল কাপুৰে মীনাক্ষিৰ সৈতে থকা নিজৰ চাৰিখন ফটো টুইটাৰত শ্বেয়াৰ কৰি তেওঁক জন্মদিনৰ শুভেচ্ছা জনাই লিখিছে ‘আটাইতকৈ পেছাদাৰী আৰু অনুশাসিত অভিনেত্ৰী’। (ফটো সৌজন্য: Anil Kapoor/twitter) ফটোখনত অনিল কাপুৰে বগা ৰঙৰ সাজ পিন্ধাৰ লগতে মীনাক্ষি আছে ৰঙা ৰঙৰ সাজ-পোছাকত। অনিল কাপুৰে লগতে লিখিছে, ‘মই সৌভাগ্যৱান যে এনে এগৰাকী অভিনেত্ৰীৰ সৈতে কাম কৰাৰ সুযোগ পাইছো।’ (ফটো সৌজন্য: Anil Kapoor/twitter) অতীত স্মৃতি ৰোমন্থন কৰি অনিল কাপুৰে কয়- ‘মই তোমাক আকৌ চলচ্চিত্ৰত কাম কৰাটো বিচাৰোঁ।’ (ফটো সৌজন্য: Anil Kapoor/twitter) উল্লেখ্য, অনিল কাপুৰ আৰু মীনাক্ষিয়ে ‘লাভ মেৰেজ’, ‘মেৰী জং’, ‘আগ ছে খেলেংগে’, ‘যোশলী’, ‘হামলা’, ‘ঘৰ হো তো এইচা’ আদি ছবিত একেলগে কাম কৰিছে। (ফটো সৌজন্য: Anil Kapoor/twitter) ‘শ্বাহেনশ্বাহ’, ‘ঘায়ল’, ‘ঘাতক’ আৰু ‘সত্যমেৱ জয়তে’ আদি ছবিৰ বাবে বিখ্যাত মীনাক্ষি শেষাদ্ৰী। (ফটো সৌজন্য: মুভিজ এন মেম'ৰিজ/টুইটাৰ) দীৰ্ঘদিন ধৰি চলচ্চিত্ৰ জগতত কাম কৰি মীনাক্ষি শেষাদ্ৰীয়ে হঠাতে চলচ্চিত্ৰ জগত এৰি থৈ যায়। শেহতীয়াকৈ মীনাক্ষিয়ে বহু দিনৰ মূৰত এটা গানৰ ৰিয়েলিটি শ্ব’ত দেখা গৈছিল। (ফটো সৌজন্য: meenakshiseshadriofficial/Instagram)