বলীউডৰ বিখ্যাত ফেশ্বন ডিজাইনাৰ মনীষ মালহোত্ৰা আৰু তেওঁৰ ফেশ্বন কোম্পানীয়ে তেওঁলোকৰ সামাজিক মাধ্যমৰ একাউণ্টৰ পৰা আলিয়া ভাট্টৰ কেইবাখনো ফটো শ্বেয়াৰ কৰিছে। এই ছবিবোৰত আলিয়া ভাট্টক গুলপীয়া পোছাকত দেখা গৈছে। মেহেন্দি অনুষ্ঠানৰ সময়ত আলিয়াই পিন্ধিছিল এই সাজ। (ফটো- Insatagram @manishmalhotraworld)
মনীষে আৰু লিখিছিল, "আলিয়াৰ পোছাক কাশ্মীৰী আৰু চিকনকাৰী সূতাৰে বোৱা হৈছে। এই ফুচিয়া গুলপীয়া লেহেংগাযোৰ মিজৱান ৱেলফেয়াৰ ছচাইটীৰ ৩০০০ মহিলাই এম্ব্ৰইডাৰী কৰিছে। ইয়াৰ ব্লাউজত প্ৰকৃত সোণ আৰু ৰূপ আৰু কোৰা ফুল আছে। এই লেহেংগাত কচ্ছ (গুজৰাট)ৰ পুৰণি সোণৰ ধাতুৰ চিকুইনছ আছে।" (ফটো Insatagram @riddhimakapoorsahniofficial)