অক্ষয় কুমাৰ (Akshay Kumar) বলীউডৰ এনে এজন অভিনেতা যাৰ এখন বোলছবি নিজে হিট কৰাৰ দম আছে। ইয়াৰ আঁৰত দুটা কাৰণ আছে, প্ৰথমে তেওঁৰ অভিনয়। হয়, অক্ষয়ে প্ৰতিটো চৰিত্ৰ অতি সুন্দৰকৈ অভিনয় কৰে, সেয়া কৌতুক, একচন বা ৰোমাঞ্চ যিয়েই নহওক কিয়। অক্ষয়ে ৰূপায়ন কৰা প্ৰতিটো চৰিত্ৰত জীৱন্ত কৰি তুলিব পাৰে। আনহাতে, আনটো কাৰণ হ'ল তেওঁ যি চিনেমাই কৰে, তেওঁৰ চিত্ৰনাট্যত যথেষ্ট শক্তিশালী হয়। সেইকাৰণে তেওঁৰ শেহতীয়াকৈ মুক্তি প্ৰাপ্ত ছবি 'সূৰ্যবংশী' (Sooryavanshi)য়ে বক্স অফিচত এক ধুমুহাৰ সৃষ্টি কৰিছে। ৯ দিনৰ ভিতৰত, ছবিখনে ৰাজহৰ হিচাপত ১৩৭ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে।
ভাবিবলগীয়া কথাটো হ'ল যে যেতিয়া ডেৰ বছৰতকৈও অধিক সময় ধৰি বন্ধ হৈ থকা ছবিগৃহসমূহ মুকলি কৰা হৈছিল, অক্ষয়ৰ ছবি 'সূৰ্যবংশী'য়ে প্ৰথমে মুক্তি লাভ কৰিছিল। ইয়াৰ আঁৰৰ কাৰণটো স্পষ্ট, নিৰ্মাতাসকলৰ সম্পূৰ্ণ আশা আছিল যে দৰ্শকে নিশ্চিতভাৱে অক্ষয়ৰ চিনেমা চাবলৈ ছবিগৃহত উপস্থিত হ'ব আৰু সঁচাকৈয়ে তেওঁলোকৰ অনুমান সত্য প্ৰমাণিত হ'ল। 'সূৰ্যবংশী'ৰ পিছত এতিয়া অক্ষয়ৰ পৰৱৰ্তী ছবি হৈছে 'পৃথ্বীৰাজ (Prithviraj)'। ছবিখন অহা বছৰৰ ২১ জানুৱাৰীত চিমেনাঘৰত মুক্তি পাব আৰু অক্ষয়ৰ ছবিখনে ৰাজহৰ ক্ষেত্ৰত বক্স অফিচৰ সকলো অভিলেখ ভংগ কৰিব পাৰে। পিছে ইয়াৰ আঁৰৰ পাঁচটা কাৰণ কি হ'ব পাৰে জানোঁ আঁহক :
2. আমি আগতে দেখিছোঁ যে ভাৰতীয় ঐতিহাসিক পটভূমিত নিৰ্মিত ছবিসমূহ, সেয়া লাগিলে বাজিৰাও মস্তানি (Bajirao Mastani), পদ্মাৱত (Padmawat), পানীপথ (Panipat), মণিকৰ্ণিকা (Manikarnika) বা তানাহাজী (Tanhaji) যিয়েই নহওক সকলোৱে দৰ্শকৰ পৰা যথেষ্ট আদৰ পাইছে। সেয়ে পৃথ্বীৰাজেও বক্স অফিচত আধিপত্য বিস্তাৰ কৰিব পাৰে।
3. যদি যোৱা দুবছৰৰ ইতিহাস লক্ষ্য কৰা হয়, অক্ষয় কুমাৰৰ ছবি 'কেশৰী', 'মিছন মংগল', 'হাউছফুল 4', 'গুড নিউজ' বক্স অফিচত নিৰন্তৰ ছুপাৰ হিট হিচাপে প্ৰমাণিত হৈছে। আনহাতে 'লক্ষ্মী' আৰু 'বেলবটম'য়েও দৰ্শকৰ ওপৰত প্ৰভাৱ পেলাইছিল আৰু এতিয়া 'সূৰ্যবংশী'য়ে যেন বক্স অফিচত জুইহে লগাি দিছে! সেয়েহে উপাৰ্জনৰ দিশত অক্ষয়ৰ ছবিখনে অভিলেখ গঢ়াৰ আশা আছে।
4. ২০২০ চনৰ মাৰ্চ মাহৰ পৰা সমগ্ৰ দেশতে কোৰোনা ভাইৰাছৰ ফলত হোৱা লকডাউনৰ পিছত চনু সুদে যিদৰে দৰিদ্র লোকসকলক আন্তৰিকতাৰে সহায় কৰিছিল, তেওঁ জনসাধাৰণৰ মচিহা হৈ পৰিছিল। জীৱনৰ সকলো ক্ষেত্ৰৰ মানুহে চনুক বাস্তৱ জীৱনৰ নায়ক বুলি অভিহিত কৰিছিল। লকডাউনৰ পিছত প্ৰথমবাৰৰ বাবে এই ছবিখনৰ সৈতে চনু সুদক ডাঙৰ পৰ্দাত দেখা যাব। চিনেমাখন হিট হোৱাৰ এইটোও এটা কাৰণ হ'ব পাৰে।
5. আলোচনা যদি ভাৰতীয় ঐতিহাসিক চৰিত্ৰসমূহৰ কৰা হয় তেন্তে আমি ভাৰতৰ ইতিহাসত পৃথ্বীৰাজ চৌহান (Prithviraj Chauhan)ৰ অৱদান পাহৰিব নোৱাৰোঁ। পৃথ্বীৰাজ চৌহান, চৌহান ৰাজবংশৰ ক্ষত্ৰিয় ৰজা আছিল, যি দ্বাদশ শতিকাত আজমেৰ আৰু দিল্লী শাসন কৰিছিল আৰু মুহাম্মাদ ঘোৰীৰ সৈতে ৰণ কৰিছিল। এতিয়ালৈকে আমি কেৱল পৃথ্বীৰাজৰ বিষয়ে পঢ়ি আছোঁ, কিন্তু প্ৰথমবাৰৰ বাবে মানুহে তেওঁৰ সৈতে সম্পৰ্কিত কাহিনীবোৰ ডাঙৰ পৰ্দাত দেখিব। সেয়েহে অক্ষয়ৰ ছবিখন দৰ্শকেও পছন্দ কৰিব পাৰে।