অসমীয়া ছবিজগতৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱা। অভিনেত্ৰীগৰাকীয়ে ছচিয়েল মিডিয়াত অত্যন্ত সক্ৰিয়। প্ৰায়ে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত অনুৰাগীসকলৰ বাবে আপলোড কৰে আকৰ্ষণীয় ফটো বা ভিডিও। তাৰে বেছিভাগ নিজৰ পৰিয়ালৰ লগত কটোৱা ভিডিঅ’ শ্বেয়াৰ কৰে ছচিয়েল মিডিয়াত। নিজৰ প্ৰতিভাৰে অনুৰাগীক মোহাচ্ছন্ন কৰি আহিছে তাৰকা অভিনেত্ৰীগৰাকীয়ে। শেহতীয়াকৈ আইমী বৰুৱাই নিজৰ ছ’চিয়েল মিডিয়া পেজত শ্বেয়াৰ কৰিছে কৰ্ণাটকৰ শ্ৰী ৰাঘৱেন্দ্ৰ স্বামী মঠৰ নিৰিবিলি পৰিৱেশত কিছুসময় কটোৱা ফটো। আইমীয়ে ফটো শ্বেয়াৰ কৰি লিখিছে–’কৰ্ণাটকৰ শ্ৰী ৰাঘৱেন্দ্ৰ স্বামী মঠৰ নিৰিবিলি পৰিৱেশত কিছুসময় কটাই খুবেই ভাল লাগিল। মঠটোত ভক্তসকলৰ সৈতে একেলগে আহাৰ গ্ৰহণ কৰি আপ্লুত হলোঁ। সকলোৰে ভাল হওঁক...তাৰেই কামনা কৰিছোঁ। 🙏’ ইয়াৰ পিছতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল ফটোসমুহ।