আজি অসমীয়া চলচ্ছিত্ৰৰ মোহময়ী অভিনেত্ৰী আইমী বৰুৱাৰ জন্মদিন। বহুতো অসমীয়া ছবিৰ লগতে বহুকেইখন ধাৰাবাহিকতো অভিনয় কৰিছে আইমীয়ে। শেহতীয়াকৈ ’চেমখৰ’ৰ পৰিচালক হিচাপে দৰ্শকৰ মাজত অধিক জনপ্ৰিয় হৈ পৰে। ষষ্ঠ শ্ৰেণীৰ পৰা অভিনয় জগতত খোজ দিছিল আইমীয়ে। নিজৰ সুন্দৰ অভিনয়ৰ বাবে সমগ্ৰ অসমতে তেওঁ জনপ্ৰিয় ৷ বৰ্তমান আইমী বৰুৱা দুই সন্তানৰ মাতৃ। অভিনয়জগতৰ লগতে পৰিয়ালৰ দায়িত্বও সমানে পালন কৰিছে আইমীয়ে। প্ৰায়ে ছ’চিয়েল মিডিয়াত সন্তানৰ সৈতে সময় কটোৱাৰ ভিডিঅ’ বা ফটো শ্বেয়াৰ কৰি থাকে। আজি তেওঁৰ ওপজা দিন উপলক্ষে ছ’চিয়েল মিডিয়াত শুভেচ্ছাৰে উপচাই পেলাইছে অনুৰাগীয়ে।