নানা জল্পনা–কল্পানাৰ পিছত অৱশেষত বৈবাহিক জীৱনৰ মাজত সোমোৱাৰ প্ৰস্তুতি চলালে কেটৰিনাই। কেটৰিনা কাইফ আৰু বিকি কৌশলে ৭ৰ পৰা ৯ ডিচেম্বৰৰ ভিতৰত ৰাজস্থানত বিবাহপাশত আবদ্ধ হ'বলৈ সাজু হৈছে। কেটৰিনা আৰু বিকিৰ বিয়াত উপস্থিত থকা অতিথিৰ তালিকাও প্ৰকাশ পাইছে। ৰাজস্থানৰ চৱাই মাধোপুৰ জিলাৰ ছিক্স চেঞ্চ ফৰ্ট হোটেলত বিবাহপাশত আবদ্ধ হ'বলৈ সাজু হৈছে দুয়ো। বিয়াখনত কৰণ জোহৰ, আলী আব্বাছ জাফৰ, কবীৰ খান, মিনি মাথুৰ, ৰোহিত চেট্টী আৰু কিয়াৰা আদৱানীৰ দৰে চেলিব্ৰিটি অন্তৰ্ভুক্ত আছে। খবৰ অনুসৰি কেটৰিনাৰ প্ৰাক্তন প্ৰেমিকসকলে বিয়াখনত উপস্থিত নাথাকিব।
বলীউডৰ ভাইজান ছলমান খান (Salman Khan) যিয়ে কেটৰিনা কাইফক (Katrina Kaif)) বলীউডত প্ৰৱেশ কৰাইছিল। ছলমান আৰু কেটৰিনাই একেলগে দীঘলীয়া সময় অতিবাহিত কৰিছিল। ওলাইছিল গুজৱো। কিন্তু দুয়োজনে সদায়ে ইজনে সিজনৰ প্ৰতি সন্মান বজাই ৰাখিছিল। খবৰ আহিছে যে ছলমান খান কেটৰিনাৰ অতিথিৰ তালিকাত নাই। ইয়াৰ আঁৰৰ কাৰণ 'টাইগাৰ ৩' বোলছবি বুলি কোৱা হৈছে।
ছলমান খানৰ সৈতে বিচ্ছেদৰ পিছত কেটৰিনাৰ নাম ৰণবীৰ কাপুৰৰ সৈতে জড়িত হয়। দুয়োকে একেলগে বন্ধৰ দিন কটোৱাও দেখা গৈছিল। বাতৰি আহিছিল যে কেটৰিনাক কাপুৰ পৰিয়ালৰ হোৱাটছএপ গ্ৰুপতো যোগ দিয়া হৈছিল, কিন্তু কিছু সময়ৰ পিছত দুয়োৰে মাজত বিচ্ছেদ হোৱাৰ খবৰ পোৱা গৈছিল। ৰণবীৰৰ সৈতে বিচ্ছেদ হোৱাৰ পিছত কেটৰিনাই দীৰ্ঘদিন ধৰি সামাজিক মাধ্যমৰ পৰা আঁতৰি গৈছিল আৰু সম্পৰ্কৰ পৰা বাহিৰ হ'বলৈ তেওঁক অলপ সময়ৰ প্ৰয়োজন হৈছিল।
আদিত্য ৰয় কাপুৰৰ নাম অহনা দেওলৰ পিছত কেটৰিনা কাইফৰ সৈতে সম্পৰ্কিত। খবৰ অনুসৰি দুয়োজনে ইজনে সিজনক ডেট কৰিছিল আৰু তাৰ পিছত কিছু সময়ৰ পিছত বলীউড উদ্যোগত দুয়োৰে বিচ্ছেদৰ বাতৰি বিয়পি পৰিছিল। আদিত্যও কেটৰিনাৰ বিয়াত উপস্থিত নাথাকিব বুলি জনা গৈছে। অৱশ্যে ব্ৰেকআপৰ পিছত দুয়োকে 'ফিতুৰ' বোলছবিখনত দেখা গৈছিল।