মা হবলৈ ওলাইছে দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী কাজল আগৰৱাল। ৰঙা শাৰী, শ্লিভলেছ ব্লাউজ, ডিঙি ভৰ্তি গহনা পৰিধান কৰি একেবাৰে আকৰ্ষণীয় ৰূপত ফটো শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে। বিয়াৰ ঠিক এবছৰ দুমাহৰ পিছতে আহিছে এই ভালখবৰ। নতুন বছৰৰ প্ৰথমদিনটোতে মা হোৱাৰ কথা জনাইছিল তাৰকা দম্পত্তি গৌতম আৰু কাজলে। গৌতমে কাজলৰ সৈতে এখন ফটো ইনষ্টাগ্ৰামত পোষ্ট কৰি লিখিছিল, "মই তোমাৰ ফালে চাই আছো 2022", এগৰাকী গৰ্ভৱতী মহিলাৰ ইমোজি যোগ দিছিল পোষ্টটোত। সেই ফটোখনত, কাজল হালধীয়া পোছাক পিন্ধি ৰেষ্টুৰেণ্টত বহি আছিল। চকুত মাতৃত্বৰ আভা। ২০২০ চনৰ অক্টোবৰ মাহত ইণ্টেৰিয়ৰ ডিজাইনাৰ গৌতম কিচলুৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল কাজল আগৰৱাল। ডিচাৰ্ন লিঙিং নামৰ এটা ডিজাইনিং সংস্থাৰগৰাকী গৌতম। মুম্বাইৰ তাজ হোটেলত দিয়া হৈছিল বিয়াৰ পাৰ্টী। প্ৰেগনেন্সীকলৈ কোনোদিন লুকঢাক কৰা নাই কাজলে। বহুবাৰ কাজলে শ্বেয়াৰ কৰিছে বেবী-বাম্প ফটো। যদিও তেওঁ মূলতঃ এগৰাকী দক্ষিণৰ চলচ্চিত্ৰৰ অভিনেত্ৰী, কিন্তু কাজলৰ জন্ম হৈছিল মুম্বাইত। মুম্বাইতে ডাঙৰ দীঘল হোৱাৰ লগতে মুম্বাইতে অধ্যয়ন কৰিছিল।