অপেক্ষাৰ অন্ত, জনপ্ৰিয় অভিনেত্ৰী আশা বৰদলৈয়ে মেলিলে যুগ্ম জীৱনৰ পাতনি। অভিনেত্ৰীগৰাকীৰ বিবাহক লৈ অনুৰাগীৰ মাজত আছিল পৰম উত্সুক্য। এতিয়াৰ পৰা বৰদলৈৰ বোৱাৰী ৰূপে ঠিকনা হ'ব জালুকবাৰী। জালুকবাৰীৰ বোৱাৰী হ'ব তেওঁ। বিগত মে' মাহত আঙঠি পিন্ধোৱা অনুষ্ঠানৰ মাজেৰে বৈবাহিক জীৱনত খোজ পেলোৱা অভিনেত্ৰীগৰাকীৰ ঘৰত আজি আছিল জোৰোণ অনুষ্ঠান। আশা বৰদলৈৰ পাণিগ্ৰহণ কৰিব জালুবাৰীৰ গৌতম কুমাৰে। এই বিষয়ে পূৰ্বতে অভিনেত্ৰীগৰাকীয়ে সামাজিত মাধ্যমযোগে অৱগত কৰিছিল। আজি আশা বৰদলৈৰ বৈবাহিক অনুষ্ঠানত ৰভা শুৱনি কৰে বিশিষ্ট অভিনেত্ৰী আঙুৰলতা ডেকাৰ লগতে আইমী বৰুৱা আৰু আন কলা-কুশলীয়ে। (All Photo Courtesy - Instagram- bordoloi.asha)