যোৱা বছৰ ২০ বাৰ জীৱন শেষ কৰাৰ চেষ্টা কৰিছিল বিগবছ খ্যাত অভিনেত্ৰীয়ে। মানসিক অৱস্থালৈ লক্ষ্য কৰি ভৰ্তি কৰোৱা হৈছিল বিহাৰৰ এটা ৰিহ্যেব চেণ্টাৰত। আৰু তাতেই চলিছিল চিকিৎসা। কিন্তু এতিয়া সেই চেণ্টাৰতে উদ্ধাৰ হৈছে অভিনেত্ৰীগৰাকীৰ মৃতদেহ। জয়শ্ৰী ৰমীয়া! বয়স ২৯ বছৰ। হতাশাত ভুগিছিল অভিনেত্ৰীগৰাকী। বেংগালুৰুৰ মাগাধী ৰোডৰ বাসিন্দা জয়শ্ৰীক যোৱা বছৰ ৰিহ্যেব চেণ্টাৰত ভৰ্তি কৰোৱা হৈছিল। মাজতে কিছুদিন ঘৰলৈও আহিছিল অভিনেত্ৰীগৰাকী। দেওবাৰে অভিনেত্ৰীগৰাকীৰ সৈতে আত্মীয়ই যোগাযোগ স্থাপন কৰিবলৈ সক্ষম হোৱা নাছিল। লগে লগে খবৰ দিয়া হয় ৰিহ্যেব চেণ্টাৰত। আৰু তাৰ পিছতে চেণ্টাৰটোৰ কৰ্মীসকলে উদ্ধাৰ কৰে অভিনেত্ৰীগৰাকীৰ মৃতদেহ। জনোৱা হৈছে যে, মৃত্যুৰ আগদিনা কেৱল চাহ খাইছিল অভিনেত্ৰীগৰাকীয়ে। নিশাৰ আহাৰ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। জানিব পৰা মতে, ডায়েটত আছিল। আৰু তাৰ পিছতে নিজৰ ৰূমৰ দৰ্জা বন্ধ কৰি ৰাখিছিল। বহু ছবিত অভনয় কৰিছিল অভিনেত্ৰী জয়শ্ৰীয়ে। বিগবছৰ মঞ্চতো দেখিবলৈ পোৱা গৈছিল অভিনেত্ৰীগৰাকীক। কিন্তু যোৱা বছৰ হঠাৎ নিজৰ ফেচবুকত লিখে যে, আমি সকলো এৰি দিছো।গুডবাই।