ছুইজাৰলেণ্ড (Switzerland)ত ধৰ্ষণ (Rape)ৰ গোচৰত দিয়া ৰায়ক লৈ জনসাধাৰণ ন্য়ায়াধীশৰ বিপক্ষে ৰাজপথত ধৰ্ণা প্ৰদৰ্শন কৰি আছে। ২০২০ চনৰ ধৰ্ষণৰ এটা গোচৰত আদালতে ধৰ্ষণকাৰীৰ শাস্তি এইবুলি কৈ হ্ৰাস কৰিছে যে, ধৰ্ষণকাৰীয়ে মাত্ৰ ১১ মনিট সময়হে ধৰ্ষণ কৰিছিল। বিচাৰকৰ এই ৰায়ৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে সাধাৰণ জনতা আৰু এই ৰায় উঠাই ল'বলৈ দাবী জনাইছে। (ফটো- AP)
ডেইলি মেলৰ খবৰ মতে, এই গোচৰটো ২০২০ চনৰ ২০ জুনৰ। বেছলৰ বাসিন্দা ৩৩ বছৰ বয়সীয়া এগৰাকী মহিলাই গোচৰ তৰিছিল, তেওঁক ঘৰৰ বাহিৰত দুজন পৰ্তুগীজে প্ৰথমে আক্ৰমণ কৰে আৰু তাৰ পাছত বন্ধক সজাই ধৰ্ষণ কৰে। অভিযুক্ত দুটাৰ এটাৰ বয়স ৩২ বছৰ আৰু আনটোৰ ১৭ বছৰ বুলি জনাইছে। গোচৰটোৰ ৰায়ত মহিলা ন্যাযাধীশে কয় যে, কেৱল ১১ মিনিট সময়হে ৰেপ হৈছিল, গতিকে ইয়াৰ শাস্তি কম হ'ব লাগে। (ফটো- AP)