এক চাঞ্চল্যকৰ ড্ৰাগছ ৰেকেটৰ তথ্য সন্মুখলৈ আহিছে য’ত আৰক্ষীয়ে এগৰাকী সুন্দৰী মডেলক গ্ৰেপ্তাৰ কৰিছে। ঘটনা ঝাৰখণ্ডৰ। অভিযোগ মতে মহিলা মডেল গৰাকীয়ে নিজে ড্ৰাগছৰ ব্যৱসায়ত লিপ্ত থকাৰ লগতে আন কেইবাজনকো এই নিষিদ্ধ পেছাত নিয়োগ কৰোৱাইছিল। ঝাৰখণ্ড আৰক্ষীয়ে মডেলগৰাকীৰ লগতে আন এজন ব্যক্তিকো গ্ৰেপ্তাৰ কৰিছে। READ| গেষ্ট হাউছত হাইপ্ৰফাইল ছেক্স ৰেকেট! আৰক্ষীৰ অভিযানত উদ্ধাৰ দুই বিদেশী গাভৰু, গ্ৰেপ্তাৰ ২ আৰক্ষীৰ মতে জ্যোতি নামৰ মডেলগৰাকীয়ে ৰাঁচীত ড্ৰাগছৰ ব্যৱসায় কৰিছিল। তেওঁ যুৱকসকলক টাৰ্গেট কৰি লৈছিল। প্ৰথমে ড্ৰাগছ লোৱা যুৱকক প্ৰেমৰ জালত পেলাই ড্ৰাগছৰ ব্যৱসায়ত লিপ্ত কৰোৱাইছিল জ্যোতিয়ে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে সুখদেৱ নগৰ থানা ক্ষেত্ৰত ড্ৰাগছৰ ব্যৱসায় চলি থকাৰ তথ্য আছিল। এইকাৰণে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰি এগৰাকী সুন্দৰী মডেল সহ দুজন লোকক গ্ৰেপ্তাৰ কৰে। আনহাতে দলটোৰ লিডাৰজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। আৰক্ষী মতে গ্ৰেপ্তাৰ কৰা মডেলগৰাকীৰ নাম জ্যোতি ভৰদ্বাজ। বিগত আঢ়ৈ বছৰৰ পৰা জ্যোতিয়ে দিল্লীত বাস কৰি আছিল। শেহতীয়াকৈ ৰাঁচীলৈ আহিছিল। আৰক্ষীয়ে মডেলগৰাকীক বিদ্যানগৰৰ পৰা গ্ৰেপ্তাৰ কৰে। তেওঁৰ ওচৰৰ পৰা ২৮ গ্ৰাম ব্ৰাউন ছুগাৰো আৰক্ষীয়ে উদ্ধাৰ কৰিছে।