Change Language
মুখ্যপৃষ্ঠা » ফটো » Corona
1/ 5
কোৰোণাৰ সৰ্বব্যাপি সংক্ৰমণ ৰোধ কৰিবলৈ এতিয়া দেশজুৰি লকডাউন। ঠায়ে ঠায়ে সামাজিক ব্যৱধান ৰক্ষা কৰিবলৈ আৰক্ষী–প্ৰশাসনে লোৱা প্ৰশংসা চছিয়েল মিডিয়াত যথেষ্ট প্ৰশংসিত হৈছে। এইবাৰ সামাজিক ব্যৱধান ৰক্ষা কৰিবলৈ হোজাই আৰক্ষীয়ে ল’লে বিশেষ পদক্ষেপ।
2/ 5
লকডাউনৰ সময়ত খোলা ৰখা অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকানত যাতে অযথা ভিৰ গোট নাখায় তাৰ কাৰণে হোজাই আৰক্ষীয়ে দোকানৰ সন্মুখত প্ৰস্তুত কৰিছে গ্ৰাহকৰ কাৰণে আয়তাকাৰ থিয় হোৱাৰ ঠাই।
3/ 5
দোকান–ফাৰ্মাচীৰ পৰা লাগতীয়াল সামগ্ৰী ক্ৰয় কৰাৰ সময়ত যাতে শাৰী পাতি থকা ব্যক্তিৰ মাজত কমেও এক মিটাৰ ব্যৱধান থাকে তাৰ কাৰণে অংকন কৰা হৈছে এই ক্ষেত্ৰ।
4/ 5
ৰাইজে শাৰী পাতি থিয় হৈ শৃংখলাৱদ্ধভাৱে যাতে সামগ্ৰী ক্ৰয় কৰিব পাৰে তাৰ কাৰণে হোজাই আৰক্ষীয়ে গ্ৰহণ কৰিছে তৎপৰতা।







