দিনৰ পিছত দিন একেটাই মাস্ক পৰিধান কৰিলে হ’ব পাৰে ইনফেকছন। এতিয়া ক’ৰোণা ভাইৰাছৰ সন্ত্ৰাসত কঁপিছে সমগ্ৰ বিশ্ব। এতিয়া বৃদ্ধি পাইছে মাস্কৰ চাহিদা। কিন্তু মাস্ক পৰিধান কৰিলেই এই বিপদৰ পৰা বাচিব পৰা যা’বনে? মাস্ক পৰিধান কৰিলেও কেনেধৰণৰ মাস্ক পৰিধান কৰা উচিত? ইতিমধ্যেই এনে কেত বোৰ প্ৰশ্নই ক্ৰিয়া কৰিছে সাধাৰণ মানুহৰ মনত। এতিয়া মাস্কৰ চাহিদা বৃদ্ধি পাইছে সমগ্ৰ দেশতে। ফাৰ্মাচীৰ কথাটো নকওৱেই ট্ৰেইন ষ্টেচন, ফুটপাথৰ দোকানতো সহজেই উপলব্ধ হৈছে সস্তীয়া মাস্ক। কিন্তু চিকিৎসকে জনাইছে যে, ক’ৰোণা ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ প্ৰয়োজন নহয় মাস্ক। কিন্তু কাহ, চৰ্দি, হাচি অথবা জ্বৰত আক্ৰান্ত হ’লে মাস্ক পৰিধান কৰাৰ পৰামৰ্শ দিছে চিকিৎসকে। লগতে সেইসকলক একাশৰীয়াকৈ ৰাখিবলৈ পৰামৰ্শ দিছে চিকিৎসকে। অযথা মাস্ক পৰিধান কৰিলে ভালৰ পৰিৱৰ্তে হিতে বিপৰীত হোৱাৰো আছে সম্ভাৱনা! এটা মাস্ককে যদি সদায় পৰিধান কৰে , তেন্তে মানুহৰ মুখ, নাকত ইনফকেকছন হোৱাৰ সম্ভাৱনাও নথকা নহয়। মুখৰ বিভিন্ন অসুখতো ভুগাৰ আশংকা থাকে একেৰাহে মাস্ক পৰিধান কৰিলে।