

চিকেন মাত্ৰেই আমিষ খাদ্য ৰসিকসকলৰ কাৰণে অতি পছন্দৰ। কিন্তু বৰ্তমান এক আতংকৰ কাৰণে চিকেন খাবলৈ এৰিছে খাদ্যৰসিকে। মাত্ৰ এটা সপ্তাহৰ ভিতৰত সমগ্ৰ দেশত চিকেনৰ বিক্ৰী হ্ৰাস পাইছে ৫০শতাংশ। Photo- Representative


কৰোণা ভাইৰাছৰ ক্ৰমৱৰ্ধমান প্ৰকোপত আচলতে মূৰ্গী মাংস খাবলৈ ভয় কৰিছে ৰাইজে। মূৰ্গী মাংসৰ দামো ৭০শতাংশ কমিছে। ইয়াৰ কাৰণ হিচাপে চৰ্চিত হৈছে মূৰ্গীৰ বেছিভাগ খাদ্য আহে চুবুৰীয়া চীনৰ পৰা! Photo- Representative


বৃহৎ প্ৰতিষ্ঠান Godrej Agrovet-ৰ তৰফৰ পৰা জনোৱা হৈছে তেওঁলোকে এক সপ্তাহত সাধাৰণতে ৬লাখ মূৰ্গী বিক্ৰী কৰে কিন্তু এইবাৰ ৪০শতাংশ সেয়া হ্ৰাস পাইছে। তেওঁলোকৰ দাবী বজাৰত যি গুজব ওলাইছে সেইক্ষেত্ৰত ভুল ধাৰণা ভঙাৰ প্ৰয়োজন আছে। চিকেনৰ পৰা কৰোণা ভাইৰাছ বিয়পিব সেই গুজব আতৰোৱা দৰকাৰ। Photo- Representative


২–৩মাহৰ ভিতৰত এই গুজব বন্ধ হ’লেহে ভাৰতত চিকেনৰ বজাৰ ঠিক হ’ব বুলি আশা কৰা হৈছে। Photo- Representative