ভাৰতীয় ৰে’লৱেত চাকৰি (Railway Jobs) কৰিব বিচাৰিছে যদি আজিয়েই আবেদন কৰক। ভাল চাকৰিৰ সৈতে ভাল দৰমহা, ইয়াতকৈ আৰু বেছি কি লাগে! (প্ৰতীকী ফটো) কোংকন ৰে’লৱে লিমিটেডত (Konkon Railway Limited) কৰ্মী নিয়োগৰ বাবে বিজ্ঞপ্তি দিছে ভাৰতীয় ৰে’লৱেই (Indian Railways)। কোংকন ৰে’লৱে লিমিটেড জম্মু–কাশ্মীৰত ইউএছবিআৰএল প্ৰজেক্টত টেকনিকেল এছিষ্টেণ্ট পদত নিয়োগৰ বিজ্ঞপ্তি। (প্ৰতীকী ফটো) ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইনত আবেদন কৰিব পাৰে। তাৰ বাবে konkanrailway.comলৈ গৈ সহজ পদ্ধতিৰ মাধ্যমেৰে আবেদন কৰিব পাৰে। (প্ৰতীকী ফটো) ছিনিয়ৰ টেকনিকেল এছিষ্টেণ্ট (Senior Technical Assistant) পদৰ বাবে ১ ছেপ্টেম্বৰ ২০২১ৰ হিচাপত ৩০ বছৰ হোৱাটো বাধ্যতামূলক। জুনিয়ৰ টেকনিকেল এছিষ্টেণ্ট (Junior Technical Assistant) পদৰ বাবে সৰ্বাধিক বয়স ১ ছেপ্টেম্বৰ ২০২১ৰ হিচাপত ২৫ বছৰ হ’ব লাগিব। (প্ৰতীকী ফটো) ছিনিয়ৰ টেকনিকেল এছিষ্টেণ্ট পদত নিৰ্বাচিত প্ৰাৰ্থীৰ বেতন ৩৫ হাজাৰ টকা প্ৰতি মাহত। আৰু জুনিয়ৰ টেকনিকেল এছিষ্টেণ্ট পদৰ মাহিলি দৰমহা হ’ব ৩০ হাজাৰ টকা। (প্ৰতীকী ফটো) ছিনিয়ৰ আৰু জুনিয়ৰ টেকনিকেল এছিষ্টেণ্ট চিভিলৰ বাবে শিক্ষাগত অৰ্হতা থাকিব লাগিব বি ই বা বি টেক। লগতে থাকিব লাগিব ৬০ শতাংশ নম্বৰো। (প্ৰতীকী ফটো) ছনিয়ৰ টেকনিকেল এছিষ্টেণ্ট পদৰ বাবে ২০ৰ পৰা ২২ ছেপ্টেম্বৰ ২০২১, পুৱা ৯.৩০ বজাৰ পৰা দুপৰীয়া ১.৩০ বজালৈ, জুনিয়ৰ টেকনিকেল এছিষ্টেণ্ট পদৰ বাবে ২৩ৰ পৰা ২৫ ছেপ্টেম্বৰ ২০২১ৰ পুৱা ৯.৩০ বজাৰ পৰা দুপৰীয়া ১.৩০ বজালৈ সাক্ষাৎকাৰ অনুষ্ঠিত হ’ব। (প্ৰতীকী ফটো)