বজাৰলৈ ১০, ২০ চটকীয়া মুদ্ৰা আহিলেও এতিয়াও চলি আছে ৫ টকীয়া মুদ্ৰা। কিন্তু লক্ষ্য কৰিছেনে, পুৰণি ৫ টকীয়া মুদ্ৰা আজিকালি প্ৰায়ে দেখা নাযায়! নতুন মুদ্ৰা অধিক চকচকীয়া আৰু পাতল। কিন্তু পুৰণি মুদ্ৰাবোৰ গ’ল কলৈ?
৫ টকীয়া পুৰণি মুদ্ৰাবোৰ ডাঠ আছিল। সেই মুদ্ৰা প্ৰস্তুত কৰোতে অধিক ধাতু ব্যৱহাৰ হৈছিল। যি ধাতুৰে এই মুদ্ৰা প্ৰস্তুত হয়, সেই ধাতুৰেই ছেভিং ব্লেড বনোৱা হয়। আৰু তাতেই সমস্যা।
পুৰণি ৫ টকীয়া মুদ্ৰাত ব্যহৃত ধাতুৰে আন সামগ্ৰী বনোৱাৰ বাবে হঠাৎ ইয়াৰ ক’লা বজাৰ আৰম্ভ হ’ল। আনকি ৫ টকাৰ মুদ্ৰা অবৈধভাৱে বাংলাদেশলৈও সৰবৰাহ হয়। তাত এই মুদ্ৰাবোৰ গলাই সেই ধাতুৰে তৈয়াৰ কৰা হয় ব্লেড।
জানিলে অবাহ হ’ব যে এটা মুদ্ৰাৰে ৬খন ব্লেড তৈয়াৰ হৈছিল। আৰু এখন ব্লেড বিক্ৰী হয় ২ টকাত। এইদৰে ৫ টকাৰ এটা মুদ্ৰা গলাই ব্লেড বনাই ১২ টকাত বিক্ৰী কৰা হয়।
যেতিয়া চৰকাৰে এই সমগ্ৰ বিষয়টো জানিব পাৰিলে, তেতিয়া ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াই সিদ্ধান্ত লয়, ৫ টকীয়া মুদ্ৰা আগৰ তুলনাত পাতল কৰি দিয়া হ’ব। ইয়াৰ উপৰি বাংলাদেশীয়ে যাতে ব্লেড তৈয়াৰ কৰিব নোৱাৰে তাৰ বাবে মুদ্ৰাত ব্যৱহৃত ধাতুও সলনি কৰা হয়। ৫ টকাৰ সলনি হৈ পৰে।