Home » photogallery » business »State Bank of India: কোটি কোটি গ্ৰাহক প্ৰত্যক্ষভাৱে লাভান্বিত হ'ব ! দেৱালীৰ আগতে দেশৰ সৰ্ববৃহৎ বেংকৰ বাম্পাৰ সিদ্ধান্ত ...
State Bank of India: কোটি কোটি গ্ৰাহক প্ৰত্যক্ষভাৱে লাভান্বিত হ'ব ! দেৱালীৰ আগতে দেশৰ সৰ্ববৃহৎ বেংকৰ বাম্পাৰ সিদ্ধান্ত ...
State Bank of India: ভাৰতীয় ষ্টেট বেংকৰ কোটি কোটি গ্ৰাহকৰ বাবে ডাঙৰ খবৰটো হ'ল সঞ্চয় একাউণ্টৰ ওপৰত সূত বৃদ্ধি
দেশৰ সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ বেংকে সঞ্চয় একাউণ্টৰ সূতৰ হাৰ ৩০ বেছিছ পইণ্ট বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে।
2/ 7
ভাৰতীয় ষ্টেট বেঙ্কে সঞ্চয় একাউণ্টৰ ওপৰত সূত ০.৩০ % বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে, কিন্তু কেৱল যিসকলে ১০ কোটি টকাৰ কম ৰাহি কৰে তেওঁলোকেহে এই বৰ্ধিত সুতৰ হাৰ লাভ কৰিব।
3/ 7
অৱশ্যে, আশা কৰা হৈছে যে অহা কেইদিনমানৰ ভিতৰত কম ধন ৰাহি কৰা সকলৰ বাবে বেঙ্কে ইয়াক বৃদ্ধি কৰিব। প্রতীকী ছবি ৷
4/ 7
ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে (আৰবিআই) কেইবাবাৰো ৰেপো হাৰ বৃদ্ধি কৰিছে, যাৰ ফলত যোৱা চাৰিবাৰত সকলো প্ৰকাৰৰ ঋণৰ সূতৰ হাৰ ১.৯০ শতাংশ বৃদ্ধি হৈছে। ১০ কোটি টকাতকৈ কম জমাৰ সূতৰ হাৰ ২.৭০ শতাংশলৈ বৃদ্ধি কৰা হৈছে। প্রতীকী ছবি ৷
5/ 7
নতুন সূতৰ হাৰ বেঙ্কে ১৫ ছেপ্টেম্বৰ,২০২২ তাৰিখৰ পৰা কাৰ্যকৰী কৰিছে, সূত বৃদ্ধিৰ সৈতে, যিসকলে ঋণ টো আগতে বা ভৱিষ্যতে লৈছে তেওঁলোকে অধিক ধন পৰিশোধ কৰিব লাগিব। প্রতীকী ছবি ৷
6/ 7
শেহতীয়াকৈ, ভাৰতীয় ষ্টেট বেঙ্ক আৰু ফেডাৰেল বেঙ্কে প্ৰান্তিক ব্যয় আধাৰিত ঋণৰ হাৰ (এমচিএলআৰ) বৃদ্ধি কৰিছে, যি প্ৰতিটো ঋণৰ ওপৰত গ্ৰাহকৰ সূতৰ হাৰ বৃদ্ধি কৰিছে। প্রতীকী ছবি ৷
7/ 7
বেঙ্কে যোৱা কেইদিনমানত ফিক্সড ডিপজিটৰ সূতৰ হাৰ বৃদ্ধি কৰিছে, কিন্তু এই সিদ্ধান্ত ২ কোটি টকাৰ বাবে প্ৰযোজ্য। প্রতীকী ছবি ৷